Begin typing your search above and press return to search.

কোটাৰ বিজেপিৰ সাংসদ ওম বিৰলা লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত

কোটাৰ বিজেপিৰ সাংসদ ওম বিৰলা লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Jun 2019 10:24 AM GMT

বুধবাৰে কোটাৰ বিজেপিৰ সাংসদ ওম বিৰলা লোকসভা অধক্ষ্য হিচাপে নিৰ্বাচিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিৰোধীয়ে লোকসভা সদন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ওম বিৰলাক অধক্ষ্য হিচাপে সমৰ্থন কৰে ।

কংগ্ৰেছৰ নেতা অধিৰ ৰঞ্জন চৌধুৰী, ডি এম কেৰ টি আৰ বালু আৰু টি এম কেৰ সুদিপ বন্দোপাধ্যায়ৰ লগতে কেইজন নেতায়ে বিৰলাক বিৰোধিতা কৰিছিল ।

লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওম বিৰলাক অভিনন্দন জ্ঞাপন কৰাৰ লগতে প্ৰকাশ কৰে যে, চৰকাৰ আৰু টেজাৰী বেঞ্চৰ ফালৰ পৰা সদন সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰিব । বিশ্বাস দিও যে আপোনাৰ আদেশে সৰ্বোচ্চ আৰু আমাৰ ফালৰ পৰা কোনেও সীমা অতিক্ৰম নকৰে যাতে তাৰ প্ৰতি লক্ষ্য ৰাখিব বুলি প্ৰকাশ কৰে।প্ৰাক্তন সাংসদ সূমিত্ৰা মহাজনৰ স্থলাভিষিক্ত হ’ব বিৰলা। লোকসভাৰ অধ্যক্ষ পদৰ বাবে মেনকা গান্ধী, ৰাধামোহন সিং, এছ এছ আহলুৱালিয়া, বীৰেন্দ্ৰ কুমাৰ আৰু ৰমাপতি ত্ৰিপাঠীৰ নাম চৰ্চাত আছিল। শেষত এই সন্মানীয় পদৰ বাবে ওম বিৰলাৰ নাম বাছনি কৰা হয়।

ওম কৃষ্ণ বিৰলা ৰাজস্থানৰ কোটাৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছে। তেওঁ ২০০৩, ২০০৮ আৰু ২০১৩ চনত ৰাজস্থান বিধানসভাৰ সদস্যও আছিল। এইবাৰ লোকসভা নিৰ্বাচনত প্ৰায় ৩ লাখ ভোটৰ ব্যৱধানত বিৰলাই পৰাস্ত কৰিছিল কংগ্ৰেছ প্ৰাৰ্থী ৰাম নাৰায়ণ মীণাক।২০১৪ চনৰ লোকসভা নিৰ্বাচনতো কোটাৰ পৰা জয়লাভ কৰিছিল ওম কৃষ্ণ বিৰলাই। কংগ্ৰেছৰ ইজ্যৰাজ সিঙক পৰাস্ত কৰিছিল বিৰলাই। প্ৰায় ২ লাখ ভোটত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক পৰাজিত কৰিছিল ওম বিৰলাই।৫৬ বছৰীয়া ওম বিৰলা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ লগত ঘনিষ্ঠ আছিল ।

বিজেপিৰ কাৰ্যবাহী সভাপতি জে পি নাড্ডায়ে মংগলবাৰে আহ্বান কৰা বৈঠকত ওম বিৰলাক উপস্থিত থকা পৰিলক্ষিত হয়। লোকসভা অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰ’টেম অধক্ষ্য হিচাপে বীৰেন্দ্ৰ কুমাৰক শপত বাক্য পাঠ কৰাইছিল।তাৰ পাছতে মোদীৰ লগতে আন সদস্য সকলে শপত গ্ৰহণ কৰিছিল।১৭ সংখ্যাক লোকসভাৰ প্ৰথম দিনা শপত গ্ৰহণৰ পূৰ্বে মোদীয়ে প্ৰকাশ কৰে যে , এখন গণতান্ত্ৰিক দেশৰ বাবে সদনত বিৰোধী আৰু সক্ৰিয় বিৰোধীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

অধিক খবৰৰ বাবে পঢ়ক:কট্টাৰ বিজেপিৰ সাংসদ ওম বিৰলা লোকসভাৰ নতুন অধ্যক্ষ হোৱাৰ সম্ভাৱনা আছে

Next Story
চাকৰি