Begin typing your search above and press return to search.

শান্তিপূৰ্ণ ভাৱে অন্ত পৰিল বিজয়া দশমী উৎসৱ

শান্তিপূৰ্ণ ভাৱে অন্ত পৰিল বিজয়া দশমী উৎসৱ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Oct 2019 12:00 PM GMT

শান্তিপূৰ্ণ ভাৱে অন্ত পৰিল বিজয়া দশমী উৎসৱৰ । হিন্দু ধৰ্মৰ সৰ্বশ্ৰেষ্ঠ উৎসৱ দুৰ্গা পূজাৰ অৱশেষত অন্ত পৰিল । পাঁচ দিনীয়া কাৰ্যসূচীৰে মহানগৰীৰ বিভিন্ন স্থানত পালন কৰা হয় শাৰদীয় দুৰ্গা পূজা মহোৎসৱ । মঙ্গলবাৰে বিদায় ললে শক্তি দায়ীনি দেৱী দুৰ্গাই। দুৰ্গা পূজাৰ লগত সংগতি ৰাখিয়েই মঙ্গলবাৰে চহৰৰ বিভিন্ন পূজা মণ্ডপত পালন কৰা হয় বিজয়া দশমী উৎসৱ ।

দুৰ্গা পূজা মহোৎসৱৰ সামৰনিৰ দিনা বিজয়া দশমী উৎসৱ পালন কৰিবলৈ পূজা মণ্ডপ সমূহত ভক্তৰ ভিৰ পৰিলক্ষিত হয়।বিজয়া দশমী উৎসৱত ভক্ত সকলে মন্ত্ৰ পাঠ কৰাৰ লগতে ভগৱান মা দুৰ্গাক পূষ্পাঞ্জলি প্ৰদান কৰে লগতে আশীৰ্বাদ বিছাৰি প্ৰাৰ্থনা কৰে । বিজয়া দশমীৰ দিনা খন হাজাৰ হাজাৰ ভক্তপ্ৰান ৰাইজে দেৱী বিসৰ্জনৰ ভাবে ঘাট সমূহত ভিৰ কৰে ।

দুৰ্গা পূজাৰ লগত সংগতি ৰাখিয়েই মূৰ্তি বিসৰ্জনৰ বাবে বাচনি কৰে কেইটামান ঘাট। দেৱী দুৰ্গাৰ মূৰ্ত্তি বিসৰ্জনৰ বাবে বাচনি কৰা ঘাট সমূহৰ ভিতৰত হ'ল কাচমাৰি ঘাট , পাণ্ডু ঘাট , জয়পুৰ ঘাট , বশিষ্ঠ ঘাট , আৰু চৌকুচি ঘাট । মঙ্গলবাৰে ৩৪৯ টা মূৰ্তি বিসৰ্জন দিয়া হয় কাচোমাৰি ঘাটত । তাৰোপৰি আন বহুতো নদী ঘাটত দেৱী মুৰ্তি বিসৰ্জন দিয়া হয়। ৩৪ টা দেৱী বিসৰ্জন দিয়া হয় জয়পুৰ ঘাটত আৰু ৪০ টা মুৰ্তি বিসৰ্জন দিয়া হয় পাণ্ডু ঘাটত।

লগতেবুধবাৰে ও পাণ্ডু ঘাটত ৫০ টা মুৰ্তি বিসৰ্জন দিয়া হয়। ৭৬ টা মুৰ্তি বিসৰ্জন দিয়া হয় চৌকাচি ঘাটত, ১৫ টা বশিষ্ঠ ঘাটত , ৩১ টা মুৰ্তি বিসৰ্জন দিয়া হয় সোনাপুৰ ঘাটত ,২৬ টা মূৰ্তি বিসৰ্জন দিয়া হয় চন্দ্ৰপুৰ ঘাটত ,আৰু ১৭ টা মুৰ্তি বিসৰ্জন দিয়া হয় আজৰা ঘাটত ।চলিত বৰ্ষৰ অফিচিয়েল তথ্য অনুসৰি , এইবাৰৰ দুৰ্গা পূজাৰ মুৰ্তি বিসৰ্জন অনুষ্ঠান অতি সুচাৰুৰূপে কোনো ধৰনৰ দুৰ্ঘটনা বা ভুল ভ্ৰান্তি নোহোৱাকৈয়ে সম্পন্ন হয়।

বেছি ভাগ ঘাটতে বিসৰ্জন কাৰ্যসূচী বুধবাৰে বহু ৰাতি পুৱালৈ চলে ।

দায়িত্ব অনুসৰি গুৱাহাটী পৌৰ নিগম ( guwahati municipal corporation , G M C ) এ বিজয়া দশমী অনুষ্ঠান সামৰনি পিছত বিভিন্ন পূজা মণ্ডপ তথা মূৰ্তি বিসৰ্জন দিয়া ঘাট সমূহ ছাফ চিকুন কৰে। প্লাষ্টিক নিৰ্মূল কৰাৰ ওপৰত লক্ষ্য ৰাখি দেৱী বিসৰ্জন দিয়াৰ আগতে প্লাষ্টিকেৰে নিৰ্মিত হোৱা দুৰ্গতি নাশিনী দুৰ্গাৰ বিভিন্ন আ অলংকাৰ সমূহ বেলেগকৈ ৰখা হৈছিল ।‌

অন্য খবৰৰ বাবে পঢ়ক: দুৰ্গা পূজাৰ কাৰণে যান বাহনৰ বিশেষ মেপ তৈয়াৰ ডিচিপি প্ৰশান্ত শইকীয়াৰ

ভিডিঅ প্ৰতক্ষ্য কৰক :Hojai Woman arrested in Nagaon for duping a family

Next Story
চাকৰি