Begin typing your search above and press return to search.

ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 July 2019 5:55 AM GMT

ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । নৰেন্দ্ৰ মোডীয়ে সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক ফোন যোগেৰে ৰাজ্যত সম্প্ৰতি হোৱা বান পৰিস্থিতিৰ বুজ লয়। ইফালে জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে মংগলবাৰ অৰ্থাৎ আজি অসমলৈ আহি বান পৰিস্থিতিৰ সমীক্ষা কৰিব ৷

ৰাজ্যত বানে সম্প্ৰতি ১৫ জন লোকৰ প্ৰাণ কাঢ়ি নিছে ৷ ইয়াৰে বানে ১৩ জনৰ প্ৰাণ কাঢ়ি নিয়াৰ বিপৰীতে দুজন লোকৰ ভূমিস্খলনত মৃত্যু হয় ৷ আৰু প্ৰায় ৪২.৮৬ লাখ লোক বানত প্ৰভাৱিত হৈছে ৷ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহ এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰধানমন্ত্ৰী মোডীৰ লগত ফোনত কৰা বাৰ্তালাপত অসমৰ ২৮ জিলাত হোৱা বানৰ সন্দৰ্ভত অৱগত কৰে ৷ আৰু ৰাজ্য চৰকাৰে বানাক্ৰান্ত লোকসকলৰ কাৰণে লোৱা পদক্ষেপৰ বিষয়েও অৱগত কৰাই প্ৰধানমন্ত্ৰী মোডীক ৷

অন্যহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমৰ বানাক্ৰান্ত লোকসকলক সহায় সহযোগিতা কৰিবৰ কাৰণে অসম চৰকাৰক আশ্বাস দিয়াৰ বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সোনোৱালে। লগতে সোনোৱালে সোমবাৰে নলবাৰী আৰু বৰপেটা জিলাত উপস্থিত হৈ বানাক্ৰান্তই আশ্ৰয় লোৱা শিবিৰসমূহত থকা লোকসকলৰ স্থিতিসমূহৰ বুজ লয় ৷

ইফালে অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে এক সংবাদ বিজ্ঞপ্তিত প্ৰকাশ পায় যে ৩০ খন জিলাৰ ১১৩ টা ৰাজহ চক্ৰৰ ৪১৫৭ খন গাঁৱৰ ৪২,৮৬,৪২১ জন লোক সোমবাৰলৈকে বানত প্ৰভাৱিত হৈছে ৷ চৰকাৰে এনডিআৰএফ আৰু এচডিআৰএফ বিভাগৰ লোকসকলক বানাক্ৰান্ত লোকসকলক সহায় কৰিবৰ কাৰণে নিৰ্দেশ দিয়ে। ইফালে সম্প্ৰতি বানত জনসাধাৰণৰ লগতে জীৱ জন্তুসমূহৰ নাজল নাথল অৱস্থা হৈছে ৷ বানত প্ৰভাৱিত হৈছে ১০ লাখতকৈ অধিক জীৱ জন্তু ৷ উল্লেখ্য যে কংগ্ৰেছ আৰু এজিপিয়ে সংসদত অসমৰ বানৰ সমস্যাটোক উত্থাপন কৰিব ৷

অন্য খবৰৰ বাবে পঢ়ক: ৰাজ্যত বানৰ তাণ্ডৱ:বিপদ সীমাৰ ওপৰেৰে বৈছে নদী

Next Story
চাকৰি