Begin typing your search above and press return to search.

কন্যাৰ বিয়াৰ বাবে নিমন্ত্ৰণ জনালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক,কি‌ উত্তৰ দিলে মোদীয়ে

কন্যাৰ বিয়াৰ বাবে নিমন্ত্ৰণ জনালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক,কি‌ উত্তৰ দিলে মোদীয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Feb 2020 11:51 AM GMT

কন্যাৰ বিয়াৰ বাবে নিমন্ত্ৰণ জনালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক,কি‌ উত্তৰ দিলে মোদীয়ে ।এজন ৰিক্সাচালক , যিয়ে নিজৰ কন্যাৰ বিয়াত নিমন্ত্ৰণ জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। এই ঘটনাটো বাৰানসীৰ । বাৰনসীৰ নিৱাসী মংগল কেবট আৰু তেওঁৰ পৰিয়াল কেইদিনমানৰ পৰা অত্যন্ত সুখী। মংগল কেবত পেচাত এজন ৰিক্সাৱালা । তেওঁলোকৰ পৰিয়ালৰ সুখৰ কাৰণ হ'ল তেওঁলোকৰ কন্যা বিবাহ পাশত আবদ্ধ হয়। আন এটা সুখৰ কাৰণ হ'ল তেওঁৰ কন্যাৰ বিয়াৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভকামনা জ্ঞাপন কৰে । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলোকৰ কন্যাৰ বিয়াৰ বাবে আশীৰ্বাদ দিয়াৰ লগতে নৱ দম্পতীক শুভেচ্ছা জনায় ।

উল্লেখযোগ্য যে মংগল কেবট প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় ক্ষেত্ৰ বাৰনাসীৰ আদৰ্শ গাঁওৰ দোমৰীৰ নিৱাসী । মংগল কেবটৰ জীয়ৰীৰ বিয়া ২০২০ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে আছিল । মংগল কেবটে তেওঁৰ জীয়ৰীৰ বিয়াৰ প্ৰথম খন নিমন্ত্ৰণী পত্ৰ আগবঢ়াই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক । তেওঁ দিল্লী গৈ পি এম অ' ত এই পত্ৰ দিয়ে ।কিন্তু প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা যে উত্তৰ আহিব মঙ্গলে ভৱাই নাছিল। কিন্তু ভবা মতে নহ'ল উত্তৰ আহিল তেওঁৰ চিঠিৰ ।প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিলে মংগল কেবটৰ চিঠিৰ উত্তৰ ।

২০২০ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে তেওঁ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৰফৰ পৰা চিঠিৰ উত্তৰ লাভ কৰে ।

এই‌ কথাই অত্যন্ত সুখী কৰি তুলিছে মংগল কেবটক ।

অন্য খবৰৰ বাবে পঢ়ক : ১০৫ বছৰীয়া এগৰাকী মহিলা, ৭৪.৫% ৰ সহায়ত উৰ্ত্তীণ হ’ল চতুৰ্থ শ্ৰেণীত

ভিডিঅ প্ৰতক্ষ্য কৰক: Watch | Ex- SAMPRITI-IX , Indo- Bangladesh Joint Military exercise

Next Story
চাকৰি