ক’ৰ’না ৰোগীৰ বাবে পূব গুৱাহাটী ঈদগাহক ব্যৱহাৰৰ প্ৰস্তাৱ নেকিবুৰ জামানৰ

ক’ৰ’না ৰোগীৰ বাবে পূব গুৱাহাটী ঈদগাহক ব্যৱহাৰৰ প্ৰস্তাৱ নেকিবুৰ জামানৰ

ক’ৰ’না ৰোগীৰ বাবে পূব গুৱাহাটী ঈদগাহক ব্যৱহাৰৰ প্ৰস্তাৱ নেকিবুৰ জামানৰ।

মুছলিম নাগৰিক, মছজিদ, আৰু আন ধৰ্মাৱলম্বীৰ নেতৃস্থানীয় ব্যক্তিসকলে শৰণীয়া কবৰস্থান কমিটীৰ বেনাৰৰ সহায়ত ৰাজ্য চৰকাৰক দাবী জনাইছে যে শুকুৰবাৰে নিজামুদ্দিন মৰকজৰ ঘটনাটো সাম্প্ৰদায়িকতা কৰাৰ বাবে ছ’চিয়েল মিডিয়াত যি সকলে অপপ্ৰচাৰ চলাইছে সেইসকলৰ‌ বিৰুদ্ধে তদন্ত কৰিব লাগে।

শৰণীয়া কবৰস্থান কমিটীৰ সভাপতি নেকিবুৰ জামানে কয় যে মুছলিম নাগৰিক , ইমাম আৰু আন ধৰ্মীয় নেতাসকলে শুকুৰবাৰে এক বৈঠকত মিলিত হৈ ৰাজ্যত চলি থকা সমস্যাক লৈ আলোচনা কৰে। তেওঁ কয় যে এই সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত হৈ থকা মহামাৰী ৰোধৰ বাবে সকলো ধৰণৰ চেষ্টা কৰি আছে আৰু তাৰ মাজতে কিছুসংখ্যক লোকে নিজামুদ্দিনৰ ঘটনাটো সাম্প্ৰদায়িকতাৰ ৰূপ দি অশান্তিৰ সৃষ্টিৰ অপচেষ্টা চলাই আহিছে। তেওঁ কয় যে দিল্লীৰ নিজামুদ্দিনত অংশগ্ৰহণ কৰা অসমৰ ২০ গৰাকী ব্যক্তিৰ শৰীৰ এই মহামাৰীৰ ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

তেওঁ কয় যে স্বাস্থ্যমন্ত্ৰীয়ে নিজামুদ্দিনত অংশগ্ৰহণ কৰা ঘটনাটো কোৰোনাৰ বিয়পাৰ কাৰণ বুলি প্ৰমাণ কৰিছে। কিন্তু কিছুমান লোকে ছ’চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰি হিন্দু-মুছলমান লোকৰ মাজত বিভেদ অনাৰ অপচেষ্টা কৰিছে। সেই সকলৰ বিষয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় জামানে।

তেওঁ কয় যে গুৱাহাটীৰ লগতে আন ঠাইৰ মুছলমান সমাজে নিজামুদ্দিনত অংশগ্ৰহণ কৰা লোক সকলক বিচৰাত চৰকাৰক সহায় কৰিবলৈ প্ৰস্তুত। যি সকল লোক এতিয়াও বিচাৰি পোৱা নাই সেই সকল লোকৰ ফটো শ্বেয়াৰ কৰিবলৈ আহ্বান জনায় জামানে।

লগতে তেওঁ চৰকাৰক কয় যে পূৱ গুৱাহাটী ঈদগাহক কোভিড-১৯ ৰ আয়চলেছন কেন্দ্ৰ হিচাপে‌ ব্যৱহাৰ কৰিব পাৰিব ।

ভিডিঅ প্ৰতক্ষ্য কৰক: COVID-19 prevention: Kamrup(M) district administration selling vegetables

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com