ৰাম জন্মভুমি: বিবাদিত ভূমিত ৰাম মন্দিৰ,মুছলিমসকলক দিব বিকল্প ভূমি

ৰাম জন্মভুমি: বিবাদিত ভূমিত ৰাম মন্দিৰ,মুছলিমসকলক দিব বিকল্প ভূমি

উচ্চতম ন্যায়ালয়ে সকলোৰে বহু প্ৰতীক্ষিত ৰাম মন্দিৰৰ সন্দৰ্ভত অযোধ্যাত ২.৭৭ একড় ভূমি সন্দৰ্ভত নিজৰ সিদ্ধান্ত প্ৰদান কৰিব। উচ্চতম ন্যায়ালয়ৰ পাঁচজন ন্যায়াধীশৰ বিচাৰ পীঠে ২০১০ চনৰ ৩০ ছেপ্তেম্বৰত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক লৈ ৰামলালা,চেন্ট্ৰেল ছুন্নী ৱাকফ বৰ্ড আৰু নিৰমোহী আখৰা নামেৰে তিনিটা ভাগত ভাগ কৰিছিল।

অৱশ্য তিনিটা পক্ষই উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা শীৰ্ষ আদালতে সংশোধন কৰিবলৈ দাবী কৰে। ইফালে অযোধ্যাৰ সিদ্ধান্তত সৰ্বসন্মতিৰ সিদ্ধান্তত থকা ৰঞ্জন গগৈৰ মন্তব্য অনুসৰি পাঁচজন ন্যায়ধীশ হৈছে ন্যায়মূৰ্তি এচ এ ববডে,ন্যায়ধীশ ডি ৱাই চন্দ্ৰচূড়,ন্যায়ধীশ এচ আব্দুল নাজিৰ,ন্যায়ধীশ আশোক ভূষণ। এএনআইৰ অনুসৰি কাইলৈ পুৱা ১১ বজাত মুম্বাইত চিআৰপিচিৰ ১৪৪ ধাৰা জাৰি ৷ চিজেআইৰ নেতৃত্বাধীন বিচাৰ পীঠৰ অনুসৰি ১৯৯২ চনত মছজিদৰ ধ্বংস উচ্চতম ন্যায়ালয়ৰ আদেশৰ উলংঘণ হৈছিল।

আনহাতে বিবদমান ভূমি ৰামলালাক অৰ্পণ। বিবদমান ভূমিৰ ভাগ–বাটোৱাৰা নহয় বুলি স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে। লগতে মছজিদ নিৰ্মাণৰ বাবে চুন্নি ৱাকফ বৰ্ডত বিকল্প স্থানত ভূমি দিয়াৰ নিৰ্দেশ। অন্য ঠাইত ৫ একৰ ভূমি দিয়া হ’ব মছজিদ নিৰ্মাণৰ কাৰণে।এই ভূমি সম্পৰ্কত তিনিমাহৰ ভিতৰত চৰকাৰে এখন সমিতি গঠন কৰি সিদ্ধান্ত লব।আজি এই ঐতিহাসিক ৰায় যোগেদি উচ্চতম ন্যায়ালয়ে দেশৰ সৰ্বাধিক পুৰণি বিবাদিত গোচৰটো নিষ্পত্তি কৰে।

ভিডিঅ প্ৰতক্ষ্য কৰক :80 Students fell sick in Tinsukia after consuming Mid-day Meal

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com