Begin typing your search above and press return to search.

বিতৰ্কিত অধ্যাপিকাৰ বিৰুদ্ধে আৰক্ষীক গোচৰ গৰিয়া-মৰিয়া-দেশী পৰিষদৰ নেতাৰ

বিতৰ্কিত অধ্যাপিকাৰ বিৰুদ্ধে আৰক্ষীক গোচৰ গৰিয়া-মৰিয়া-দেশী পৰিষদৰ নেতাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 April 2020 7:21 AM GMT

বিতৰ্কিত অধ্যাপিকাৰ বিৰুদ্ধে আৰক্ষীক গোচৰ গৰিয়া-মৰিয়া-দেশী পৰিষদৰ নেতাৰ

সু-সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চৈয়দ আব্দুল মালিকৰ স্কুলীয়া পাঠ্যপুথিত অন্তৰ্ভুক্ত এটি কবিতাৰ বিকৃত ব্যাখ্যা আগবঢ়াই বিতৰ্কলৈ অহা এগৰাকী অধ্যাপিকাৰ বিৰুদ্ধে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ এজন নেতাই আৰক্ষীক গোচৰ দিছে। পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ইছমাইল আলীয়ে অধ্যপিকাগৰাকীৰ বিৰুদ্ধে মহানগৰীৰ হাতীগাঁও আৰক্ষী থানাত কালি গোচৰ ৰুজু কৰে। অভিয়োগ অনুসৰি অধ্যাপিকাগৰাকীয়ে আব্দুল মালিকৰ বহুপঠিত ‘মই অসমীয়া” শীৰ্ষক কবিতাৰ বিকৃত ব্যাখা কৰে ফে’চবুকত। কিছুদিন পূৰ্বে তেওঁ নিজৰ ফে’চবুক একাউণ্টত কবিতাটোৰ আধা অংশ আপলোড কৰি বিকৃত ব্যাখ্যা আগবঢ়ায়। ইয়াক কেন্দ্ৰ কৰি ছ’চিয়েল মিডিয়াত তীব্ৰ বিতৰ্কৰ সূত্ৰপাত ঘটে। বহু লোকে একেমুখে অধ্যাপিকাগৰাকীক ধিক্কাৰ আৰু গৰিহণা দিয়ে। সৰব হৈ উঠে ৰাজ্যৰ বিদ্বত সমাজ। বহু লোকে অধ্যাপিকাগৰাকীৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা লবলৈ চৰকাৰক দাবী জনায়। এনেদৰে অধ্যাপিকাগৰাকীৰ বিতৰ্কিত কাণ্ডক কেন্দ্ৰ কৰি চৰ্চা চলি থকাৰ সময়তে গৰিয়া মৰিয়া দেশী পৰিষদৰ নেতাজনে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

অন্য খবৰৰ বাবে পঢ়ক: নতুনকৈ এজন পজিটিভ চিনাক্তঃ অসমত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৩৫লৈ বৃদ্ধি

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি