Begin typing your search above and press return to search.

শ্বাহৰুখ খানক ভিডিঅ'ৰ জৰিয়তে চলমান খানে জনালে জন্ম দিনৰ শুভেচ্ছা

শ্বাহৰুখ খানক ভিডিঅৰ জৰিয়তে চলমান খানে জনালে জন্ম দিনৰ শুভেচ্ছা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Nov 2019 11:51 AM GMT

শ্বাহৰুখ খানক ভিডিঅ'ৰ জৰিয়তে চলমান খানে জনালে জন্ম দিনৰ শুভেচ্ছা।বলিউডৰ বাদছাহ শ্বাহৰুখ খানৰ শনিবাৰে ৫৪ সংখ্যক জন্ম দিন আছিল । তেওঁ বিভিন্ন জনৰ পৰা জন্ম দিনৰ শুভকামনা লাভ কৰিছিল । চেলিব্ৰিটী তথা শ্বাহৰুখ খানৰ অনুৰাগী চলমান খানেও শ্বাহৰুখ খানৰ নিজস্ব প'জ প্ৰয়োগ কৰি বাদছাহ গৰাকীক জন্মদিনৰ শুভেচ্ছা জনায । লগতে অভিযোগ উত্থাপনো কৰে ।

চলমানে এই ভিডিঅ'টো চোছিয়েল মিডিয়াত প্ৰচাৰ কৰে । চলমান খানে প্ৰচাৰ কৰা এই ভিডিঅ'টোত তেওঁৰ সহযোগী শিল্পী জেকুলিন ফাৰ্নাণ্ডেজ , সোনাক্ষী সিহ্না , ডেইজী চাহ , ভাতৃ চোহিল খান , আয়ুশ শৰ্মা আদিক দেখিবলৈ পোৱা যায়। বাদচাহ শ্বাহৰুখ খানক কৰা জন্ম দিনৰ শুভেচ্ছাৰ ভিডিঅ'টোত মনিশ পল আৰু চলমান খানৰ দেহৰক্ষী শেৰক দেখা যায়।ভিডিঅ'টোৰ শেষত চলমান খান কেমেৰাৰ ওচৰলৈ আহি শ্বাহৰুখ খানক অভিযোগ কৰি কয় যে চলমান খানে তেওঁক ফোন কৰিছিল কিন্তু ফোন তুলা নাছিল শ্বাহৰুখ খানে ।তাৰ পিছতেই এয়া বেয়া কথা বুলি কৈছিল অভিনেত্ৰী সোনাক্ষী সিহ্নাই ।‌তাৰোপৰি কিছুদিন পূৰ্বে বিগ বি অমিতাভ বচ্চনৰ ঘৰত অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ মেনেজাৰক ৰক্ষা কৰা ঘটনাটো প্ৰশংসা কৰে চলমান খানে।

বাদচাহ গৰাকীৰ জন্ম দিনৰ দিনা সকলো অভিনেতা অভিনেত্ৰী , অনুৰাগী সকলে তেওঁক শুভেচ্ছা জনায়। লগতে জন্ম দিন উপলক্ষে অনুষ্ঠিত হোৱা এক অনুষ্ঠানত শ্বাহৰুখ খানে ঘোষণা কৰে যে তেওঁৰ আগন্তুক ছবি ২০২০ চনত আহিব ।তাৰোপৰি বৰ্তমান চলমান খান দবং ৩ ৰ প্ৰস্তুতি চলায় আছে ।

অন্য খবৰৰ বাবে পঢ়ক: টুইটাৰ যোগে মাতৃৰ বাবে দৰা বিছাৰিছে জীয়ৰীয়ে ,‌ৰাখিলে চৰ্ত

ভিডিঅ প্ৰতক্ষ্য কৰক:Titabor Women staged massive protest against Micro Finance Companies

Next Story
চাকৰি