সম্পৰ্ক যাত্ৰা : বাংলাদেশ আৰু ম্যানমাৰলৈ বাছেৰে ভ্ৰমণ আৰম্ভ

সম্পৰ্ক যাত্ৰা : বাংলাদেশ আৰু ম্যানমাৰলৈ বাছেৰে ভ্ৰমণ আৰম্ভ

বুধবাৰে পুৱা সম্পৰ্ক যাত্ৰা বাছৰে আৰম্ভ কৰে বাংলাদেশ আৰু ম্যানমাৰলৈ। পুৱা খানাপাৰা অসম প্ৰশাসনিক মহাবিদ্যালয়ৰ পৰা এটা প্ৰতিনিধিৰ দলে বাংলাদেশলৈ ৰাওনা হয়।

এক্ট ইষ্ট পলিচি আৰু উদ্যোগ আৰু বানিজ্যি মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ অধিনত ২২ জনীয়া এটা প্ৰতিনিধিৰ দলে যাত্ৰা কৰে । উদ্যোগ আৰু বানিজ্যি মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু ৯ জন বিধায়ক আৰু ১২ জন ৰাজ্যিক চৰকাৰৰ বিষয়া যাত্ৰা কৰিছে । এই প্ৰতিনিধিৰ দলটো ৫ জুলাইত গুৱাহাটীত উপস্থিত হব ।

এই প্ৰতিনিধিৰ দলটোৱে গুৱাহাটী- দাউকি- তামাবিল- চাইলহত - চুটাৰকান্দি- কৰিমগঞ্জ -শিলচৰ- ইম্ফল হৈ বিমানেৰে মৰেহ- তামু - কালে- মন্যাৱা- মনদলয়- য়াঙগন হৈ কলকাতাৰ পাছত পুনৰ বিমানেৰে গুৱাহাটীত উপস্থিত হব দলটো । অসম চৰকাৰৰ এক্ট ইষ্ট পলিচিৰ এই যাত্ৰা এক পদক্ষেপ ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সম্পৰ্ক যাত্ৰা , বিধায়কৰ প্ৰতিনিধিৰ দল আৰু অসম চৰকাৰৰ শীৰ্ষ বিষয়া সকলৰ সৈতে মংগলবাৰে এক আলোচনাত মিলিত হয়। যিসকল প্ৰতিনিধিয়ে বাংলাদেশ আৰু ম্যানমাৰ যাত্ৰা কৰিব সেই সকলকৰ লগত আলোচনা কৰে । ২০১৯ চনৰ ২৬ জুনৰ পৰা ৪ জুলাইলৈ এই প্ৰতিনিধিৰ দলে বাংলাদেশ আৰু ম্যানমাৰলৈ যাত্ৰা কৰিব ২৬ জুনত । এই অনুষ্ঠানত অনুষ্ঠিত হৈছিল জনতা ভবনৰ মুখ্যমন্ত্ৰী কাৰ্য্যালয়ৰ কনফৰেন্সৰ হলত ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰতিনিধিৰ দলটোক অসমৰ শক্তি প্ৰকাশ কৰিবলৈ আহ্বান জনোৱাৰ লগতে ASEAN আৰু দক্ষিণ পশ্চিম এছিয়াৰ ভৌগলিক দিশত অসম কেন্দ্ৰ বুলি প্ৰকাশ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ খনে এক্ট ইষ্ট পলিচিৰ অধিনত গুৱাহাটী খন দক্ষিণ পশ্চিম এছিয়াৰ দুৱাৰ বুলি প্ৰকাশ কৰিছিল । লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সফল সংস্থা সমূহ যেনে এভানটেজ আচাম: গ্লবেল ইনভেষ্টমেন্ট চামিত ” ত ৰাজ্যত বিনিয়োগৰ এক পথ মুকলি হয় আৰু ভূটান আৰু বাংলাদেশত ২ টা কাৰ্যালয় প্ৰতিস্থা কৰা হয় ।

বানিজ্য আৰু উদ্যোগ মন্ত্ৰী , এক্ট ইষ্ট পলিচি এফিয়াৰচ বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু এক্ট ইষ্ট পলিচি বিভাগৰ অতিৰিক্ত মুখ্য সচিবেও এই অনুষ্ঠানত অংশগ্ৰহন কৰিব । মুখ্যমন্ত্ৰীৰ মেডিয়া মুখ্য উপদেষ্টা ঋশ্বিকেশ গোস্বামী আৰু আইন পৰামৰ্শদাতা শান্তনু ভৰালীও এই অনুষ্ঠানত উপস্থিত থাকে । লগতে বহুকেইজন বিধায়কে ভ্ৰমণত অংশগ্ৰহন কৰিব ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com