গুৱাহাটী আৰু বেংককৰ মাজত বিমান সেৱাৰ মুকলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

গুৱাহাটী আৰু বেংককৰ মাজত বিমান সেৱাৰ মুকলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

গুৱাহাটী আৰু আছিয়ান দেশ সমূহৰ মাজত দূৰত্বৰ পৰিমাণ সীমিত কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে দেওবাৰে পুৱা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ আৰু বেংককৰ মাজত বিমানেৰে যাব পৰাকৈ প্ৰথম ব্যৱস্থা মুকলি কৰে ৷ন’ক বিমান সেৱাই গুৱাহাটী আৰু বেংকৰ যাত্ৰীসসকলৰ মাজত অহা যোৱা কৰিব পৰাকৈ সেৱা আগবঢ়াই আহিছে।

বিমান সেৱাৰ কৰ্মৰত কৰ্মচাৰীসকলৰ মত অনুসৰি ন’ক বিমান সেৱা সপ্তাহত দুবাৰকৈ যাত্ৰীসকলক তেওঁলোকৰ গন্তব্য স্থানলৈ অহা যোৱা কৰাত সহায় কৰিব ৷ ইয়াৰ কাৰণে ব্যয় হ’ব ৬,৯৯৯ টকা ৷

গতিকে আপুনি যদি সম্প্ৰতি বেংককলৈ আজৰি সময়ত যোৱাৰ কথা ভাবিছে তেন্তে আপোনাৰ কাৰণে অতি সুবিধাজনক হ’ব ন’ক বিমান সেৱা ৷ গতিকে আপুনি আপোনাৰ কৰ্ম ব্যস্ততাৰ মাজতে অলপ সময় আজৰি লৈ, সকাহ পাবৰ কাৰণে চিন্তা কৰি আছে ৷তেন্তে সাজু হওঁক আপুনি ৷কাৰণ অলপ সময় আৰু টকা লৈ বেংককলৈ গৈ ছুটীৰ আনন্দ ল’ব পাৰিব আপুনি ৷

ইফালে গুৱাহাটীৰ পৰা বেংককলৈ যাবলৈ আপোনাৰ সময় লাগিব মাত্ৰ তিনি ঘন্টা ৷ এই তিনি ঘন্টাতে আপুনি আপোনাৰ সপোনৰ ঠাই বেংককত উপস্থিত হ’ব পাৰিব। আনহাতে গুৱাহাটীৰ পৰা বেংককলৈ যোৱা সেৱা উপলব্ধ হ’ব বৃহস্পতি বাৰ আৰু দেওবাৰে পুৱতি নিশা ১.৪০ বজাত আৰু বেংককৰ পৰা গুৱাহাটীলৈ যোৱা সেৱা উপলব্ধ হ’ব বুধবাৰ আৰু শনিবাৰে ২৩.৩০ বজাত। লগতে বিমান সেৱাত সকলো ধৰণৰ খাদ্যৰ উপলব্ধ হোৱাৰ লগতে যাত্ৰী সকলে কেৱল ২০ কেজি বস্তুহে কঢ়িয়াব পাৰিব ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে এই যাত্ৰা তথা সেৱাৰ আৰম্ভনি বিমান সেৱাৰে বিস্তাৰ নহয় ৷ইয়াত গুৰুত্বপূৰ্ণ ভৱিষ্যতৰ অংশ আছে ৷যিয়ে অসম আৰু থাইলেণ্ডৰ সাংস্কৃতিক সম্বন্ধক শক্তিশালী কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত যাত্ৰাৰ পথ সূচল কৰিব ৷ যোগাযোগ ব্যৱস্থাই সদায়েই বিকাশত সহায় কৰি আহিছে ৷ ভাৰত চৰকাৰে উড়ান আঁচনিৰ অধীনত ছখন দক্ষিণ পূৱ এছিয়াৰ ঠাইলৈ যাত্ৰা আৰম্ভ কৰিছে ৷অনাগত দিনত কাঠমাণ্ডু,য়াগুন,হুনাই কুলালা লুমপুৰত যাত্ৰাৰ কাৰণে বিমান সেৱা মুকলি কৰা হ’ব।বিগত বৰ্ষৰ গুৱাহাটীৰ পৰা চিংগাপুৰলৈ বিমান সেৱা আৰম্ভ হৈছিল ৷

ভাৰত চৰকাৰে উড়ান ২ আঁচনিৰ অধীনত অসমৰ পাঁচখন চহৰৰ লগতে উত্তৰ পূবৰ ১৯ খন গন্ত্যব্য স্থানলৈ ঐতিহাসিক বিমান সেৱা আৰম্ভ কৰিছে । লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ স্থাপন হয় ১৯৫৮ চনত ৷ইয়াৰ পিছত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বহু বিস্তাৰ আৰু পুনৰ নিৰ্মাণ হয় ।২০১৭ চনত এই বিমান বন্দৰে প্ৰায় ৩.৭ মিলিয়ন যাত্ৰীক সেৱা আগবঢ়াইছে। সকলো যাৱতীয় কাম সম্পূৰ্ণ হোৱাৰ পিছত এই বিমান বন্দৰত প্ৰায় ৩০০০ হাজাৰ প্ৰত্যক্ষ নিযুক্ত আৰু ২০০০০ অপ্ৰত্যক্ষ নিযুক্তি আগবঢ়াব ৷ভাৰত চৰকাৰৰ নতুন পদক্ষেপ সমূহে বিকাশ পথত আগবঢ়াই নিছে ৰাজ্য খনক । ৰাজ্যৰ লোকসকলৰ মাজত সম্প্ৰতি বিভিন্ন ক্ষেত্ৰত আত্ম বিশ্বাস দেখা যায় ৷এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Alleged Molestation Case in Guwahati, CP Deepak Kumar addresses Media

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com