Begin typing your search above and press return to search.

গোৱালপাৰাত বান পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

গোৱালপাৰাত বান পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 July 2019 10:37 AM GMT

মংগলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে গোৱালপাৰাত বান পৰিস্থিতি পৰিদৰ্শন কৰে । লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে বানাক্ৰান্ত সকলৰ লগতো কথা পাতে। সিঙোৱা নদীৰ পানীয়ে পথ আৰু দলং ক্ষতি সাধন কৰিছে । চন্দাৰিয়া পথাৰ প্ৰাথমিক স্কুল, চন্দাৰিয়া পথাৰ এম ই ইংলিছ স্কুল, গোৱালপাৰা জে এন হাইস্কুল আৰু গোৱালপাৰা হাই মাদ্ৰাছাৰ বানাক্ৰান্তৰ আশ্ৰয় শিবিৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে পৰিষ্ঠিতি বুজ লয় ।

পাছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে গোৱালপাৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ত পান পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰে আৰু জল সম্পদ বিভাগৰ বিষয়াক নিৰ্দেশ দিয়ে যে, জিলা খনৰ নদী বান্ধৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এক পৰ্যবেক্ষক কমিটি গঠন কৰিবলৈ। লগতে গোৱালপাৰাৰ সকলো বান বিধস্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে। লগতে লোক সকলৰ সুৰক্ষাৰ ক্ষেত্ৰতো ব্যবস্থা গ্ৰহণ কৰিবলৈ প্ৰকাশ কৰিছে ।

বানৰ পিছত সৃষ্টি হোৱা মহামাৰী ৰোধ কৰিবলৈ আগতীয়াকৈ প্ৰতিষেধক মজুত ৰাখিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে । মহিলা, শিশু, বৃদ্ধ সকলক বিশেষভাৱে যত্ন লবলৈ কৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে|

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমানেও অপৰিবৰ্তিত হৈ আছে বান পৰিস্থিতি। বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৯ জনলৈ বৃদ্ধি হৈছে । যোৱা ২৪ ঘন্টাত মায়ং আৰু ধেমাজি দুজন লোকৰ মৃত্যু হৈছে । ভূটানত ধাৰাষাৰ বৰষুণ হৈ থকাৰ ফলত নামনি অসমত বান পৰিস্থিতি অপৰিবৰ্তিত। কোকৰাঝাৰ , বেকি, পুথিমাৰিত বৰ্তমানেও জলমগ্ন । ধুবুৰী আৰু যোৰহাটত ব্ৰহ্মপুত্ৰ বৰ্তমানেও বিপদসীমাৰ ওপৰৰে বৈ আছে। আনহাতে কৰিমগঞ্জত কুশিয়াৰা, শোণিতপুৰত জিয়া ভৰলু বিপদসীমাৰ ওপৰৰে বৈছে ।

সোমবাৰে নিশা হোৱা বৰষুণৰ ফলত আলিপুৰদুৱাৰ শাখাৰ উত্তৰ পূৰ্বাঞ্চল ৰেলৱে যথেষ্ট ক্ষতিগ্ৰস্ত হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্ৰজপাত আৰু ভূমিস্খলনতো নিহত হয় কেইবা জনো লোক ।

প্ৰলয়ংকাৰী বানে ৰাজ্যত ২২ টা কৈ নদী বান্ধ ভাঙি নিয়ে। বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ ৰাজ্যিক জল সম্পদ বিভাগে প্ৰস্তুতি চলাই আছে । কাৰ্যালয়ৰ সূত্ৰয়ে জনোৱা মতে, যোৱা বছৰত বানে ২৯ টা নদী বান্ধ ভাঙি নিছিল ।

ৰাজ্যৰ বিধ্বংসী বানত লোকসকলৰ ধন জন সকলো ক্ষতিগ্ৰস্ত হৈছে৷ ইফালে এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ থকা নদীসমূহৰ ভিতৰত আছে যোৰহাটৰ নিমাতীঘাট,ব্ৰহ্মপুত্ৰৰ লগত জিয়া ভৰালী ৷ আনহাতে সোমবাৰলৈকে বিশেষকৈ ১৮ খন জিলাৰ ৫৯ ৰাজহ চক্ৰৰ ২২৮৩ খন গাঁৱৰ ৩০,৫৫,৮৩৭ জন ব্যক্তি বানত প্ৰভাৱিত হৈছে ৷ বানত প্ৰভাৱিত জিলা কেইখন হৈছে ধেমাজী,বিশ্বনাথ,দৰং, বৰপেটা,নলবাৰী, চিৰাংগ,বঙাইগাঁৱ, কোকৰাঝাৰ,ধুবুৰী, দক্ষিণ শালমাৰা,গোৱালপাৰা,কামৰূপ,কামৰূপ (মেট্ট),মৰিগাঁও,নগাঁও,গোলাঘাট,যোৰহাট আৰু কাছাৰ ৷

অধিক খবৰৰ বাবে পঢ়ক: প্ৰলয়ংকাৰী বান: বান বিধস্ত ৰাজ্যত ২২ টা নদী বান্ধ ভাঙিলে বানে

Next Story
চাকৰি