Begin typing your search above and press return to search.

ৰাজ্যৰ কৃষি ক্ষেত্ৰত সমীক্ষা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

ৰাজ্যৰ কৃষি ক্ষেত্ৰত সমীক্ষা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 July 2019 10:32 AM GMT

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সোমবাৰে জনতা ভৱনত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ লগতে ধান ক্ৰয় কৰা অন্যান্য সংস্থাৰ লগত এখন বৈঠকত মিলিত হয় আৰু এই সন্দৰ্ভত সমীক্ষা কৰে ৷ লগতে এই বৈঠকতে ৰাজ্যৰ কৃষকে যাতে কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰন কৰি দিয়া ন্যূনতম সমৰ্থিত মূল্য লাভ কৰে সেই সন্দৰ্ভত মন্তব্য কৰে ৷লগতে সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ধান ক্ৰয়ৰ ক্ষেত্ৰতো বিশেষ দৃষ্টি ৰাখে মুখ্যমন্ত্ৰীয়ে ৷

প্ৰতি বছৰে ৰাজ্যত প্ৰয়োজনীয় ৭০ লাখ মেট্টিক ট’ন ধান সংগ্ৰহ কৰাৰ লগতে ধানৰ উৎপাদন বৃদ্ধি কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ৷লগতে কৃষকসকলক কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ পৰা ধন প্ৰাপ্ত কৰাৰ প্ৰসংগৰ কথা উল্লেখ কৰে ৷এক সংবাদ বিজ্ঞপ্তিৰ যোগেদি সৰ্বানন্দ সোনোৱালে কয় যে খাদ্য আৰু অসামৰিক যোগান বিভাগ বা কৃষি সামগ্ৰী বিপণন পৰিষদে ধান ক্ৰয় নকৰাৰ ফলত কৃষকে কম মূল্যত ধান বিক্ৰী কৰিব লগা হৈছে ৷

সেয়েহে কৃষি সামগ্ৰী বিপণন পৰিষদক কেন্দ্ৰসমূহত পৰ্যাপ্ত সংখ্যক কৃষকে যাতে একেদিনাই উপস্থিত থাকি ধান বিক্ৰী কৰিবলৈ নিৰ্দেশ দিয়ে ৷ ইফালে কৃষক,এফচিআই আৰু বিভিন্ন শস্য ক্ৰয় কৰা প্ৰতিষ্ঠানসমূহৰ মাজত ইতিবাচক সম্পৰ্ক থকাটো অতি প্ৰয়োজনীয় ৷ ইয়াৰ দ্বাৰা কৃষকৰ প্ৰাপ্য মূল্য আদায় দি ৰাজ্যত থকা চাউলৰ চাহিদা অসমৰ ধানেৰে যাতে পূৰ কৰিব পাৰে, তাৰ বাবে উৎপাদন,বিক্ৰীৰ সুষম ব্যৱস্থা কৰাৰ নিৰ্দেশ দিয়ে ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ এই বৈঠকখনত মুখ্য সচিব আলোক কুমাৰ,ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত সচিব কুমাৰ সঞ্জয় কৃষ্ণ,মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম উন্নয়ন যোজনা মেগা মিশ্যন ছ’চাইটিৰ মুখ্য কাৰ্যবাহী বিষয়া আৰ টি জিণ্ডাল,মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়াকে ধৰি গণ্য মান্য ব্যক্তিসকল উপস্থিত আছিল ৷

অন্য খবৰৰ বাবে পঢ়ক: ৭০ সংখ্যক বন মহোৎসৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰকৃতিৰ ক্ষেত্ৰত বিশেষ প্ৰতিক্ৰিয়া

Next Story
চাকৰি