Begin typing your search above and press return to search.

এন আৰ চিৰ চুৰান্ত খচৰা ৩১ জুলাইত প্ৰকাশ কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

এন আৰ চিৰ চুৰান্ত খচৰা ৩১ জুলাইত প্ৰকাশ কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 May 2019 10:48 AM GMT

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ শুনানি গ্ৰহণ কৰি আজি উচ্চতম ন্যায়ালয়ে অসম চৰকাৰক এন আৰ চিৰ চুৰান্ত খচৰা ৩১ জুলাইৰ ভিতৰত প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছে ।

এন আৰ চিৰ সম্বনয়ক গৰাকীয়ে শুনানিৰ সময়ত ন্যায়ালয়ক জনাই যে প্ৰথম খচৰাত নিজৰ নাম অন্তভূক্ত নোহোৱা বহু লোকে পুনৰ আবেদন কৰিছে ।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে সম্বনয়কাৰীক সাহস আৰু নীতিগত ভাৱে ৩১ জুলাইত এন আৰ চিৰ চুৰান্ত খচৰা খন প্ৰকাশ কৰিবলৈ কয় ।

এন আৰ চি প্ৰকাশত বিলম্ব হোৱাৰ লগতে চিনাক্তকৰণ আৰু ডিটেনচন কেম্পত থকা বিদেশী সকলক প্ৰত্যাবৰ্তনৰ ক্ষেত্ৰত বিলম্ব হোৱাত অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰে উচ্চতম ন্যায়ালয়ে ।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণত বৰ্তমান অতি গুৰুত্বপূৰ্ণ পৰ্যায় প্ৰক্ৰিয়া চলি আছে । সোমবাৰৰ পৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ আবেদনৰ শুনানি আৰম্ভ হৈছে ।

২০১৮ চনৰ ৩০ জুলাই প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ৩.২৯ কোটি আবেদন ভিতৰত ৪০.০৭ লাখ লোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাছিল । উল্লেখযোগ্য যে ৪০.০৭ লাখৰ ভিতৰত ৩৬.২ লাখ লোকে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুৰান্ত খচৰাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ আবেদন কৰা নাই । ২ লাখ লোকে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ভূল নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিছে ।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ আবেদনৰ শুনানি ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে । ১০ এপ্ৰিলৰ পৰা ২৪ এপ্ৰিললৈকে লোকসভা নিৰ্বাচনৰ বাবে স্থগিত ৰখা হৈছিল । নিৰ্বাচন শেষ হোৱাৰ পাছত পুনৰ চলি আছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰক্ৰিয়াৰ কাম ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি