Begin typing your search above and press return to search.

অসমত পৰ্যাপ্ত চিকিৎসকৰ অভাৱে ৰোগী সকলক প্ৰভাৱান্বিত কৰিছে

অসমত পৰ্যাপ্ত চিকিৎসকৰ অভাৱে ৰোগী সকলক প্ৰভাৱান্বিত কৰিছে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 July 2019 7:10 AM GMT

অসমৰ চৰকাৰী চিকিৎসালয় সমূহত ৪৪ শতাংশ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীয়ে চলি আছে। চিকিৎসক-ৰোগী সকলৰ "বিশ্ব স্বাস্থ্য সংস্থা" ৰ মতে অনুপাত ১:১০০০। অসমত এই অনুপাত অধিক-১:১,৮০০। চিকিৎসকৰ অভাৱে এক গুৰুত্বৰ সমস্যাৰ সৃষ্টি কৰিছে , চিকিৎসক সকলৰ অনুপস্থিতিত কেতিয়াবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। বৰ্তমান ৰাজ্য খনৰ অসামৰিক চিকিৎসালয় সমূহত ২,০৪৩ চিকিৎসক আৰু স্বাস্থ্য কৰ্মী আছে। ৪,৬৬৭ চিকিৎসক আৰু স্বাস্থ্য কৰ্মী থাকিব লগাৰ পৰিবৰ্তে বৰ্তমান ২,০৮৩ থকাৰ বাবে ৰোগী সকলক যথেষ্ট প্ৰভাৱান্বিত হৈছে ।

অসম ৰাজ্যিক মেডিকেল সংন্থাৰ সূত্ৰয়ে প্ৰকাশ কৰা মতে , অসমত প্ৰায় ১০০ গৰাকীয়ে বিশেষ চিকিৎসকে ভলন্টেৰি অবসৰ গ্ৰহণ কৰিছে । তেওঁলোকে ব্যক্তিগত চিকিৎসালয় সমূহৰ লগত জড়িত হৈ থাকে ।

ভাৰতীয় মেডিকেল পৰিষদে পৰবৰ্তী সময়ত ৰাজ্যৰ ৬ খন মেডিকেল কলেজত ১৭৪ এম বি বি এচ আসন বৃদ্ধি কৰে । আসন বৃদ্ধিৰ সংখ্যাৰ সৈতে বৰ্তমান ৯০০ খন আসন আছে ৰাজ্যত । বছৰি চিকিৎসক হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট হ্ৰাস পোৱাৰ হেতুকে এই সমস্যাৰ সৃষ্টি হৈছে ।ৰাজ্যত বছৰি চিকিৎসকৰ নিযুক্তি সংখ্যা ২০২০-২১ চনত ৭,১০০ আৰু ২০২৩-২৪ চনত ৮,২০০ হব । ইয়াৰ মাজত বিশেষজ্ঞ সকলকো অন্তৰ্ভুক্ত কৰা হৈছে ।

এই প্ৰস্তাৱ বৰ্তমান ৬ খন মেডিকেল কলেজত প্ৰয়োগ কৰা হব আৰু ৪ খন কলেজ বৰ্তমান নিৰ্মীয়মান অৱস্থাত আছে । ৰাজ্যত চিকিৎসকৰ অভাৱ ৪০ টা বছৰে হৈ আছে । যেতিয়া ৰাজ্যৰ এখনো মেডিকেল কলেজ নাছিল । ১৯৪৭ চনত অসম মেডিকেল কলেজ স্থাপন কৰা হয় । ১৯৬০ চনত গুৱাহাটী মেডিকেল কলেজ স্থাপন কৰা হয় আৰু ১৯৬৮ ত শিলচৰ মেডিকেল কলেজ স্থাপন কৰা হয় । ২০০৫ -০৬ ত ৩ খন মেডিকেল কলেজ স্থাপন কৰা হয় । যোৰহাট , তেজপুৰ আৰু বৰপেটাত স্থাপন কৰা হয় । আন দুখন মেডিকেল কলেজ ডিফু আৰু লক্ষিমপুৰত নিৰ্মীয়মান অৱস্থাত আছে । বহুতো জিলাৰ স্বাস্থ্য কেন্দ্ৰ আৰু উপ স্বাস্থ্য কেন্দ্ৰ সমূহত মৌলিক সা-সুবিধা, কুৱাটাৰ, স্বাস্থ্য কৰ্মী আদি পৰ্যাপ্ত পৰিমাণৰ নাই।

অধিক খবৰৰ বাবে পঢ়ক:চিকিৎসকসকলক সমাজে এক বিশেষ স্থানত ৰাখেঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

Next Story
চাকৰি