Begin typing your search above and press return to search.

লেহেমীয়া গতিৰে চলিছে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাম: হাৰাশাস্তিত ভূগিছে স্থানীয় ৰাইজে

লেহেমীয়া গতিৰে চলিছে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ  কাম: হাৰাশাস্তিত ভূগিছে স্থানীয় ৰাইজে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 May 2019 9:28 AM GMT

বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিলেন যুক্তৰ কাম অতি লেহেমীয়া গতিৰে চলি থকাৰ কাৰণে স্থানীয় লোকে হাৰাশাস্তিৰ সন্মুখীন হব লগা হৈছে । বিশ্বনাথ চাৰিআলিৰ বাইপাছৰ পৰা গহপুৰলৈকে তিনি বছৰত ৫৭.৫০ কিলোমিটাৰ সম্পূৰ্ণ হৈছে । এই পথছোৱাৰ কাম ২০১৬ চনৰ জানুৱাৰীৰ পৰা কাম আৰম্ভ হৈছিল । টিকে ইঞ্জিনিয়াৰিং আৰু কনচৰটিয়াম প্ৰাইভেট লিমিটেড কোম্পানীয়ে কাম ঠিকা লৈছে।

পৰিবহন বিভাগে এই ঘাইপথটো অৰুণাচল প্ৰদেশৰ ইটানগৰলৈকে নিৰ্মান কৰিব । এই ঘাইপথটি উত্তৰ অসমৰ মেৰুদণ্ড স্বৰূপ ।এই পথছোৱায়ে ইণ্ডো-চীন সীমান্ত লৈকে যোগাযোগ স্থাপন কৰিছে । চাৰিলেন যুক্ত পথ গহপুৰৰ হলংগিৰ পৰা ইটানগৰলৈকে যোৱা পথৰ ১৯.২০ কিলোমিটাৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে । বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈকে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ২০৮.০০ কিলোমিটাৰৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিআলিৰ পৰা ২৬৫.৫০ কিলোমিটাৰৰ কাম বাকী আছে বুলি প্ৰকাশ কৰে । এই পথছোৱায়ে অসমৰ শোণিতপুৰ, লক্ষিমপুৰ আৰু ধেমাজি জিলাক সংযোগ কৰাৰ লগতে অৰুণাচল প্ৰদেশৰ বহু কেইখন জিলাক সংযোগ কৰিছে ।

বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈকে এই প্ৰকল্পৰ অধীনত বহুকেইটা কাম চলি আছে । ৫৭.৫০ কিলোমিটাৰ চাৰিলেনযুক্ত পথ নিৰ্মাণ কৰাৰ লগতে চাৰিখন মুখ্য দলংৰ কাম, ৪ টা ৰেলৱে দলং অভাৰ ব্ৰীজৰ কাম, ২৬ খন সৰু দলংৰ নিৰ্মাণৰ কাম আৰু ৭৮ নতুন কালভাৰ্তৰ কাম, ৭ কিলোমিটাৰ চাৰ্ভিছ ৰোড, ১১.৫ ৰোড ছাইদ নলাৰ কাম, ১.৫ প্ৰতেকচন কাম, ১০৮ সৰু জংছনৰ লগতে অন্যান্য বহুতৰ কাম লোৱা হৈছে বুলি প্ৰকাশ কৰে।

জামুগুৰিহাটৰ পৰা বিশ্বনাথ চাৰিআলিৰ বাইপাছৰ চাৰিলেন যুক্ত পথৰ নিৰ্মাণৰ কামৰ ঠিকা কে টি ইঞ্জিনিয়াৰিং আৰু কনচৰটিয়াম প্ৰাইভেট লিমিটেড কোম্পানীয়ে লাভ কৰে। এই পথছোৱাৰ কাম সোনকালে শেষ হব বুলি প্ৰকাশ কৰে। পথছোৱাৰ কাম চলি থকাৰ বাবে স্থানীয় লোকৰ অসুবিধা সৃষ্টি হয় । এই পথছোৱাত সঘনে দুৰ্ঘটনা সংঘটিত হৈছে । বাৰিষা অহাৰ লগে লগে লোকসকল অধিক সমস্যাৰ সন্মুখীন হ'ব বুলি প্ৰকাশ কৰে ।

প্ৰত্যেক দিনে এই পথছোৱাদি গধুৰ বাহন, দূৰনিবতীয়া ট্ৰাক আৰু বাছে যাত্ৰা কৰে । ২০১২ চনত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিলেন যুক্ত পথছোৱা ধলাবৰী, শোণিতপুৰৰ তেজপুৰৰ পৰা ৰাজগড়, বিশ্বনাথৰ গহপুৰেদি চাৰিলেন যুক্ত পথ নিৰ্মাণ কৰা হব। ধলাবাৰী, তেজপুৰৰ পৰা ৰাজগড় আৰু গহপুৰৰ ১৩২ খন গাঁও অন্তভূক্ত হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি