কেৰেলাৰ এজন অদ্ভূত যুৱক ; উপকেশ (wig) ৰ ভিতৰত ওলাল সোন

কেৰেলাৰ এজন অদ্ভূত যুৱক ; উপকেশ (wig) ৰ ভিতৰত ওলাল সোন ।জুলাই মাহত এটি ঘটনা পোহৰলৈ আহিছিল যে এজন লোকে কমেও ২৪ লাখ টকাৰ কোকেইন উপকেশ (wig) ৰ ভিতৰত লুকাই সৰবৰাহ কৰিব চেষ্টা কৰিছিল। এই ঘটনাটো সংঘটিত হৈছিল বাৰকিলোনা বিমানবন্দৰত ।
সেই একে ধৰনৰ ঘটনা আকৌ সংঘটিত হয় কেৰেলাত । কিন্তু এইবাৰ কোকেইন নহয় । এইবাৰ এজন সোন সৰবৰাহকাৰী আটক হয় কোচি বিমানবন্দৰত । সোন সৰবৰাহকাৰী নৌচাদ কেৰেলাৰ মলপ্পুৰমৰ নিৱাসী ।শুকুৰবাৰে নৌচাদে ছেহৰাজৰ পৰা কেৰেলালৈ যাত্ৰা কৰিছিল ।
অৱশেষত নৌচাদ কোচি বিমানবন্দৰত কৰায়ত্ত হয়। নৌচাদে কমেও ১ কিলো সোন উপকেশ ( wig )ৰ ভিতৰত লুকাই সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল ।
আৰক্ষীৰ মতে মলপ্পুৰমৰ নিৱাসী নৌচাদে যেতিয়া বিমানবন্দৰৰ পৰা বাহিৰত আহিছিল তেতিয়া মানুহ জনৰ চুলিৰ ষ্টাইল দেখি সন্দেহ হৈছিল আৰক্ষীৰ । তাৰ পিছতেই কাষ্টম অধিকাৰী জনে মানুহ জনৰ নিৰীক্ষণ কৰে আৰু জব্দ কৰে ১ কিলোগ্ৰাম সোন । তাৰ পিছতেই গ্ৰেপ্তাৰ কৰা হয় নৌচাদক ।
অন্য খবৰৰ বাবে পঢ়ক: ডুবাইত ভ্ৰমন কৰি নোপোৱা এজন যুৱক , যিয়ে আবু ডুবাইত লাভ কৰিলে ২৩ কোটি টকা
ভিডিঅ প্ৰতক্ষ্য কৰক Durga Puja 2019: Durga Puja Celebrations from Assam Bhawan in Navi Mumbai