কংগ্ৰেছ সংসদীয় দলৰ নেত্ৰী হিচাপে নিৰ্বাচিত ছুনিয়া গান্ধী

ছুনিয়া গান্ধী কংগ্ৰেছ সংসদীয় দলৰ ( congress parliamentary party) নেত্ৰী হিচাপে নিৰ্বাচিত হয় । দলৰ অধক্ষ্য ৰাহুল গান্ধীয়ে প্ৰকাশ কৰে যে ছুনিয়া গান্ধীৰ নেতৃত্বত কংগ্ৰেছ এক শক্তিশালী দল হিচাপে পৰিগণিত হব ।
ৰাহুল গান্ধীয়ে টুইটাৰযোগে প্ৰকাশ কৰে যে " কংগ্ৰেছ সংসদীয় দলৰ নেত্ৰী হিচাপে নিৰ্বাচিত ছুনিয়া গান্ধীলৈ অভিনন্দন । তেওঁৰ নেতৃত্বত কংগ্ৰেছ এটা শক্তিশালী আৰু প্ৰভাৱশালী দল হিচাপে পৰিগণিত হব। ভাৰতৰ সংবিধান ৰক্ষাৰ বাবে যুঁজ দি যাম" বুলি প্ৰকাশ কৰে ।
শনিবাৰে লোকসভা নিৰ্বাচনত নিৰ্বাচিত কংগ্ৰেছৰ সাংসদ সকলৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকতে ছুনিয়া গান্ধী চিপিপিৰ নেত্ৰী হিচাপে নিৰ্বাচিত হয় ।
লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছত ৰাহুল গান্ধীয়ে পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ পিছত আজি সংসদৰ চেন্ট্ৰেল হলত এই বৈঠক অনুস্থিত হয় ।
ছুনিয়া গান্ধীয়ে উত্তৰ প্ৰদেশৰ ৰায় বাৰেলিৰ পৰা লোকসভা নিৰ্বাচনত জয়ী হৈছিল । ছুনিয়া গান্ধীয়ে বিজেপিৰ প্ৰাৰ্থী দিনেশ প্ৰতাপ সিঙক ১.৬৭ ভোটৰ ব্যবধানত পৰাজিত কৰে। দলৰ সূত্ৰয়ে প্ৰকাশ কৰা মতে ছুনিয়া গান্ধীৰ প্ৰস্তাৱ উত্থাপন কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে ।
ছুনিয়া গান্ধী কংগ্ৰেছ দলৰ অধক্ষ্য আছিল সুদীৰ্ঘ ১৯ বছৰ কাল । ২০১৭ চনলৈকে ছুনিয়া গান্ধীয়ে কংগ্ৰেছৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ নিৰ্বাহ কৰে। ছুনিয়া গান্ধীৰ পাছতে ৰাহুল গান্ধীয়ে অধক্ষ্যৰ দায়িত্ব গ্ৰহণ কৰে ।
কংগ্ৰেছৰ সংসদীয় দলৰ নেত্ৰী হিচাপে নিৰ্বাচিত হৈ তেওঁ প্ৰকাশ কৰে যে দেশৰ ১২.১৩ কোটি জনতাক মই ধন্যবাদ জ্ঞাপন কৰিছো যিসকলৰ বৰ্তমানেও কংগ্ৰেছৰ ওপৰত বিশ্বাস আছে|
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি