চিকিৎসকৰ হত্যাঃ ফাষ্ট ট্ৰেক আদালতত হ’ব হত্যাৰ বিচাৰ

চিকিৎসকৰ হত্যাঃ ফাষ্ট ট্ৰেক আদালতত হ’ব হত্যাৰ বিচাৰ

উজনি অসমৰ যোৰহাট টিয়কত চাহ শ্ৰমিকে হত্যা কৰা ডা° দেবেন দত্তৰ গোচৰ ফাষ্ট ট্ৰেক আদালতত শুনানি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ।ইয়াৰ উপৰিও চৰকাৰে আয়ুক্ত আৰু বিত্ত বিভাগৰ সচিব জগন্নাথনক এই ঘটনাৰ তদন্তৰ কাৰণে আহ্বান কৰিছে ৷

ইফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই সন্দৰ্ভত ডা° দেবেন দত্তৰ পত্নীৰ সৈতে মত বিনিময়ত লিপ্ত হয়। লগতে শোক স্তব্ধ পৰিয়ালক সহানুভূতি ব্যক্ত কৰি কয় যে এই ঘটনাক গভীৰ গৰিহনা দিছে। আইনৰ আধাৰত এই ঘটনাৰ তদন্ত কৰা হ’ব৷ আৰু দোষী কেতিয়াও ৰেহাই দিয়া ন’হব বুলিও মন্তব্য কৰে সৰ্বানন্দ সোনোৱালে ৷

এক বিশেষ সূত্ৰৰ মত অনুসৰি বহু চিকিৎসকল এতিয়াও কৰ্মস্থলীত উপস্থিত হোৱা নাই ।লগতে আন কিছুমানে বাগানসমূহত কাম কৰাৰ কাৰণে অস্বীকাৰ প্ৰকাশ কৰিছে ৷ড° দেবেন দত্তৰ হত্যাৰ ঘটনাটো প্ৰথম নহয় ৷ইয়াৰ পূৰ্বেও এনে ধৰণৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাই সকলো সীমা পাৰ কৰি দিলে ৷ আইএমডিএ এই সন্দৰ্ভত ২০১১ আইন খন বাহাল ৰখাৰ প্ৰস্তাৱ দিয়ে ৷ লগতে ডা° দেবেন দত্তৰ হত্যাৰ প্ৰসংগতো ৰাজ্য অন্যান্য লোকসকলৰ দৰে আছুয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ আছুৱে ডা° দেবেন দত্তৰ হত্যাৰ লগত জৰিত লোকসকলক উচিত শাস্তিৰ দাবী জনাইছে ৷

এই ঘটনাই জনসাধাৰণৰ সকলো সহ্যৰ সীমা পাৰ কৰি দিছে ৷ভাৰতীয় চিকিৎসা সেৱা কমিটীৰ এখন বিজ্ঞপ্তি অনুসৰি সাম্প্ৰতিক সময়ত চিকিৎসকসকলৰ ভৱিষ্যত সুৰক্ষা কৰিবৰ কাৰণে এইয়াই হৈছে উচিত সময় ৷ভাৰতীয় চিকিৎসা সেৱা কমিটীৰ ৰাজ্যিক সভাপতি ডা° সত্যজিৎ বৰা আৰু ৰাজ্যিক সভাপতি ডা° হেমাংগ বৈশ্যৰ মন্তব্য অনুসৰি চিকিৎসকসকলে কৰ্মবিৰতি ল’ব নিবিচাৰে যদিও এনেধৰণৰ পৰিস্থিতিত কৰ্ম বিৰতি লোৱাৰ বাহিৰে বেলেগ একো বিকল্প নাই।

ভিডিঅ প্ৰতক্ষ্য কৰক:Sensation at Meghdoot Bhawan in Guwahati

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com