Begin typing your search above and press return to search.

কৰ্মচাৰীৰ উপস্থিতিৰ প্ৰমাণৰ কাৰণে বায়’মেট্ৰিক মেছিনৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ

কৰ্মচাৰীৰ উপস্থিতিৰ প্ৰমাণৰ কাৰণে বায়’মেট্ৰিক মেছিনৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Aug 2019 8:31 AM GMT

ৰাজ্য চৰকাৰে অনতি পলমে জনতা ভৱনত কৰ্মচাৰীসকলৰ কাৰণে বায়’মেট্ৰিক ব্যৱস্থা আৰম্ভ কৰিবৰ কাৰণে যাৱতীয় ব্যৱস্থা কৰিছে ৷ নতুন দিল্লীৰ কেন্দ্ৰীয় সচিবালয়ত থকা ব্যৱস্থাৰ আধাৰত এনে ধৰণৰ ব্যৱস্থা কৰা হৈছে ৷ এই ব্যৱস্থাৰ দ্বাৰা সকলো ধৰণৰ কৰ্মচাৰীৰ লগতে চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰো উপস্থিতিৰ প্ৰমাণ দিব লাগিব ৷

ইফালে চৰকাৰী কাৰ্যালয়ত বায়’মেট্ৰিক মেছিন স্থাপনৰ সন্দৰ্ভত দ্য চেন্টিনেলে এটি বাতৰি প্ৰকাশ কৰিছিল ৷ এই বাতৰিটোৱে জনতা ভৱনৰ কৰ্ম সংস্কৃতিক বাস্তৱিকতাক চিত্ৰিত কৰিছিল ৷ৰাজ্য চৰকাৰে দিয়া বিজ্ঞপ্তিত আধাৰ সংলগ্ন বায়’মেট্ৰিক মেছিনত এটি আঙুলিৰ চাপ থাকিব ৷

ইয়াত প্ৰত্যেকজন কৰ্মচাৰীৰ আধাৰৰ শেষৰ ৮ টা নম্বৰ পাংচিং কৰিব লাগিব । এবাৰ যদি বায়মেট্ৰিক মেছিনৰ ব্যৱস্থা আৰম্ভ হয় তেন্তে জনতা ভৱনৰ প্ৰত্যেকজন বিভাগৰ কৰ্মচাৰীৰ উপস্থিতিৰ প্ৰমাণৰ ওপৰত উচ্চ পদস্থ বিভাগে তীক্ষ্ণ দৃষ্টি ৰাখিব পাৰিব।

আনহাতে নিয়ম অনুসৰি কোনো কৰ্মচাৰীয়ে যদি তিনি দিনত ৩০ মিনিটকৈ পলমকৈ আহে তেন্তে সেই জন কৰ্মজন কৰ্মচাৰীৰ এটা কেজুৱেল চুটি কৰ্তন হ’ব ৷ ইফালে যদি কোনো কৰ্মচাৰী ১২ বজাত অফিচলৈ আহি ২ বজাত যায় তেন্তে সেইটো হ’ব তেন্তে সেয়া হ’ব তেওঁৰ অৰ্দ্ধ চুটি ৷ কৰ্মচাৰীৰ বিৰোধৰ পিছত ৰাজ্য সচিবালয়ৰ এক ব্লকত বায়’মেট্ৰিক মেশ্যিন ডিভাইছ স্থাপন কৰা হৈছিল ৷ উল্লেখ্য যে সদৌ অসম কৰ্মচাৰী পৰিষদৰ মন্তব্য অনুসৰি যদি সকলোতে বায়’মেট্ৰিক স্থাপন কৰিব বিছাৰে তেন্তে প্ৰথম শ্ৰেণীৰ পৰা আৰম্ভ কৰি চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীলৈকে সকলোৰে কাৰণে এই ব্যৱস্থা হ’ব লাগে ৷

অধিক খবৰৰ বাবে পঢ়ক: চৰকাৰৰ কাৰ্যালয়ত বায়’মেট্ৰিক মেশ্যিনৰ ব্যৱস্থা কৰিবনে ?

ভিডিঅ প্ৰতক্ষ্য কৰক:AJYCP and Gorkha Students’ Union staged protest in Tinsukia

Next Story
চাকৰি