অসম চৰকাৰে ঘোষণা কৰিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা

অসম চৰকাৰে ঘোষণা কৰিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা

অসম চৰকাৰে ঘোষণা কৰিলে শ্ৰীমন্ত শংকৰদেৱ বটাঁ, ২০১৬ আৰু ২০১৯ বৰ্ষৰ শ্ৰী মাধবদেৱ বটাঁ আৰু ২০১৮ বৰ্ষৰ কালিচৰণ ব্ৰহ্ম বটাঁ । ২০১৭ চনৰ শ্ৰীমন্ত শংকৰদেৱ বটাঁ শ্ৰী বলিষ্ঠ শৰ্মালৈ। ২০১৭ বৰ্ষৰ শংকৰদেৱ বঁটাৰ বাবে নিৰ্বাচিত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ট শৰ্মা৷

১৯৩৮ চনত জন্ম হোৱা বৰপেটাৰ বুঢ়াসত্ৰীয়া বলিষ্ঠ শৰ্মাই ওৰেটো জীৱন সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰৰ কামত নিজকে সমৰ্পিত কৰিছে । এই বঁটাৰ বাবে নিৰ্বাচিত কৰাত ৰাজ্য চৰকাৰৰ লগতে ৰাইজক ধন্যবাদ জনাইছে বুঢ়াসত্ৰীয়াগৰাকীয়ে। শ্ৰীমন্ত শঙ্কৰদেৱ বটাঁৰ লগতে তেওঁৰ সত্ৰীয়া সংস্কৃতিৰ বাবে দিয়া অবদানৰ বাবে অসম সাংস্কৃতিক মহাসভাই বলিষ্ঠ শৰ্মাক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰাৰ লগতে অসম জাতীয় বিদ্যালয়ৰ ফেলচিপ, শ্ৰী শ্ৰী মথুৰা দাস বুঢ়া আতা বটাঁ, শ্ৰী শ্ৰী বাদালা আতা বটাঁ আৰু শংকৰ- মাধব বটা লাভ কৰিছিল ।

শ্ৰী শ্ৰী মাধবদেৱ বটাঁ ২০১৬ বৰ্ষৰ বাবে শ্ৰী যুগদানন্দ চন্দ্ৰ গোস্বামীলৈ আৰু ২০১৯ বৰ্ষৰ বাবে ড: সুনীল কোঠাৰিলৈ । শ্ৰী যুগদানন্দ চন্দ্ৰ গোস্বামী শ্ৰী শ্ৰী মায়ামৰা দীনজয় সত্ৰৰ সত্ৰাধীকাৰ আছিল ।সত্বাধিকাৰ যুগদানন্দ চন্দ্ৰ গোস্বামী চিলংৰ St. এন্টনি'চ কলেজত শিক্ষা গ্ৰহণ কৰিছিল আৰু এজন অৱসৰপ্ৰাপ্ত শিক্ষক আছিল ।ৰাষ্ট্ৰীয় পৰ্যায়তো তেওঁ সত্ৰীয়া নৃত্য, গীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট কাম কৰি গৈছে ।

২০১৯ বৰ্ষৰ শ্ৰী শ্ৰী মাধবদেৱ বটাঁ ডঃ সুনীল কোঠাৰিলৈ প্ৰদান কৰা হৈছে । ডঃ সুনীল কোঠাৰি এগৰাকী নৃত্যশিল্পী, পণ্ডিত আৰু সমালোচক।

লগতে বৰণগাজুলী শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ সত্বাধিকাৰ শ্ৰী হৰেকৃষ্ণ মহন্তলৈ ২০১৮ বৰ্ষৰ কালিচৰণ ব্ৰহ্ম বটাঁ ঘোষণা কৰিছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com