জনস্বাস্থ্যৰ প্ৰতি ভাবুকিঃ অকৰ্তৃত্বশীল মাছ বিক্ৰেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ মীন বিভাগৰ

জনস্বাস্থ্যৰ প্ৰতি ভাবুকিঃ অকৰ্তৃত্বশীল মাছ বিক্ৰেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ মীন বিভাগৰ

জনস্বাস্থ্যৰ প্ৰতি ভাবুকিঃ অকৰ্তৃত্বশীল মাছ বিক্ৰেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ মীন বিভাগৰ। তলাবন্ধৰ সময়ত গুৱাহাটীৰ বিভিন্ন স্থানত ফিছফেডে মাছৰ যোগান ধৰিছিল যদিও একাংশ অকৰ্তৃত্বব্যশীল ব্যক্তি আৰু বিক্ৰেতাই ক’ৱিড-১৯ ৰ নিৰ্দেশনাৰ উলংঘা কৰি মাছ বিক্ৰী কৰি জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ৷ তদুপৰি

লক-ডাউনৰ সুযোগ লৈ একাংশ মাছ বিক্ৰেতাই উচ্চ দামত মাছ বিক্ৰী কৰা দেখা যায়। বিক্ৰী কৰা মাছসমূহৰ গুণগত মানৰ ক্ষেত্ৰতো প্ৰশ্ন উঠিছে। সেয়েহে মীন বিভাগে এনে মাছ বিক্ৰেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে ৷ অৱশ্যে মীন বিভাগ আৰু ফিছফেডে ক’ৱিড-১৯ ৰ নীতি-নিৰ্দেশনাসমূহ পালন কৰি মাছ বিক্ৰী কৰি আহিছে ৷

ফিছফেডে সম্প্ৰতি ৰূপনগৰ অঞ্চলত স্থানীয় লোকসকলক মাছ বিক্ৰী কৰি আছে । লগতে তেওঁলোকে ক’ৱিড-১৯-ৰ সকলো নীতি-নিৰ্দেশনা পালন কৰাৰ লগতে সামাজিক দুৰত্বও বজাই ৰখা দেখা যায়। ইয়াৰ বাবে পাণ্ডু, মালিগাঁও, আৰু দিছপুৰত ভ্ৰাম্যমাণ বিপণীও খুলিছে ।

অানহাতে, পাইকাৰী ব্যৱসায়ীয়ে পাণ্ডু, ভেটাপাৰা আৰু উজানবজাৰ তিনিটা স্থানলৈ মাছ আনে । ৰাজ্যৰ মৎস বিভাগ আৰু ফিছফে ৰ অনুমতি প্ৰাপ্ত বাহনৰ দ্বাৰা এই মাছ সমূহ অনা হয় আৰু তাৰ পৰা আন ব্যৱসায়ীয়ে এই সমূহ গ্ৰহণ কৰে । পাইকাৰী ব্যৱসায়ীয়ে চৰকাৰী নিৰ্দেশনা অনুসৰি মাছৰ বিতৰণ পুৱা ৭ বজাৰ ভিতৰত কৰে ।

মীন বিভাগে সকলো বিক্ৰেতাক স্বচ্ছ আৰু সতেজ মাছ বিক্ৰী কৰিবলৈ নিৰ্দেশ দিছে। এই মাছসমূহ ফিছফেডে বান্ধি দিয়া দামৰ ভিত্তিতহে বিক্ৰী কৰা হ'ব ।

ফিছফেডৰ সঞ্চালক ড° ডি জে শৰ্মাই দা ছেন্টিনেলৰ আগত কয় যে অকৰ্তৃত্বশীল ব্যৱসায়ীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ কামৰূপ (মহানগৰ) প্ৰশাসনলৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে।

লগতে তেওঁ গুৱাহাটীবাসীক ফিছফেডৰ বিপণী আৰু পঞ্জীয়নকৃত ব্যৱসায়ীয়ে বিক্ৰী কৰা মাছহে ক্ৰয় কৰিবলৈ আহ্বান জনায় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com