Begin typing your search above and press return to search.

শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি বিশ্বনাথৰ দিৰিং চাহ বাগিছাত উত্তপ্ত পৰিস্থিতি

শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি বিশ্বনাথৰ দিৰিং চাহ বাগিছাত উত্তপ্ত পৰিস্থিতি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Jun 2019 12:18 PM GMT

সোমবাৰে বিশ্বনাথ জিলাৰ বিশ্বনাথ চাৰিআলি আৰক্ষী চকীৰ অন্তৰ্গত দিৰিং চাহ বাগিছাত শ্ৰমিকৰ মৃত্যুত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মেডিকেল ষ্টাফৰ অবহেলাৰ বাবেই শ্ৰমিক জনে মৃত্যুক সাবতি লয় বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ।

ৰাজেন ৰাউটিয়া নামৰ লোকজনে অসুস্থ অনুভৱ কৰাত দেওবাৰে চিকিৎসাৰ বাবে লৈ যোৱা হয় । কিন্তু মেডিকেল ষ্টাফৰ অবহেলাৰ বাবে সোমবাৰে শ্ৰমিক জনৰ মৃত্যু হয় বুলি অভিযোগ উত্থাপন কৰে। এই ঘটনাৰ প্ৰতিবাদ জনাই উত্তপ্ত পৰিষ্ঠিতি সৃষ্টি কৰাৰ লগতে কাকাৰ্যালয় ঘেৰাও কৰি কাম বন্ধ কৰি প্ৰতিবাদ জনাই । তেওঁলোকে অভিযোগ উত্থাপন কৰে যে চাহ বাগিছা খনত কোনো চিকিৎসাৰ সুবিধা নাই । কিন্তু চিকিৎসাৰ বাবে তেওঁলোকে পইচা দি আছে তাৰ পৰিপ্ৰেক্ষিততে বিভিন্ন সময়ত বহুতো শ্ৰমিকে মৃত্যুক সাবতি লব লগা হৈছে ।

ঘটনা সংঘটিত হোৱাৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় । বৰ্তমান পৰিস্থিতি শান্ত হৈছে বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে । শ্ৰমিক সকলে অভিযোগ উত্থাপন কৰিছে যে কতৃপক্ষয়ে সাধাৰণ সুবিধা খিনিও প্ৰদান নকৰে ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি