অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদমেল: ভোটাৰ ৰাইজৰ উৎসাহ প্ৰশংসনীয়

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদমেল: ভোটাৰ ৰাইজৰ উৎসাহ প্ৰশংসনীয়

আজি ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰায়ে সংবাদমেল সম্বোধন কৰে । এই সংবাদমেলত সভাপতি ৰিপুণ বৰাৰ লগত উপস্থিত থাকে ৭ নং গুৱাহাটী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মা।

সংবাদমেলত নিৰ্বাচন সম্পৰ্কীয় কথা প্ৰকাশ কৰাৰ লগতে বিজেপিক সমালোচনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে পৰাজয় স্বীকাৰ কৰিছে বুলি প্ৰকাশ কৰে ৰিপুণ বৰায়ে ।

সংবাদমেলত অসমত অনুষ্ঠিত হৈ যোৱা লোকসভা নিৰ্বাচনত অসমৰ ৰাইজৰ উৎসাহ প্ৰশংসনীয় বুলি প্ৰকাশ কৰে । গনতান্ত্ৰৰ বাবে এয়া এক শুভ লক্ষ্যন বুলি প্ৰকাশ কৰে কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰায়ে । নিৰ্বাচনত ৰাইজৰ সহাঁৰিৰ বাবে ধন্যবাদ জনোৱাৰ লগতে তৃণমূল কংগ্ৰেছ কৰ্মীকো ধন্যবাদ জ্ঞাপন কৰে ৰিপুণ বৰায়ে ।

বিজেপিক সমালোচনা কৰি কয় যে বিজেপিয়ে ১৪ খন আসনৰ ১৪ খন আসনে পাব বুলি ভাবিছিল কিন্তু মোদীয়ে বৰ্তমান পৰাজয় স্বীকাৰ কৰিছে বুলি প্ৰকাশ কৰে ৰিপুণ বৰায়ে ।

বৰ্তমান অসমৰ একাংশ বুদ্ধিজীৱীয়ে ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰে ৰিপুণ বৰায়ে । লগতে নিৰ্বাচনৰ সময়ত সংবাদ মাধ্যমৰ ভূমিকা যোগাত্মক আছিল। নিৰপেক্ষ ভাৱে বাতৰি সম্প্ৰচাৰ কৰাৰ বাবে সংবাদ মাধ্যমকো ধন্যবাদ জ্ঞাপন কৰে ৰিপুণ বৰায়ে ।

"মোদীয়ে পৰাজয় স্বীকাৰ কৰিছে । মোদীৰ অংগী ভংগীয়ে পৰাজয় নিশ্চিত বুলি কয় বুলি প্ৰকাশ কৰে সংবাদ মেলত ।লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰে ৰিপুণ বৰায়ে । হিমন্ত বিশ্ব শৰ্মাৰ উদ্ভদ নৃত্য মানসিক ভাৱে সবল হবলৈ কৰা বুলি প্ৰকাশ কৰে। লগতে নিৰ্বাচনী আয়োগকো সমালোচনা কৰি কয় নিৰ্বাচনী আয়োগ বিজেপিৰ পুতলা ।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহকো সংবাদমেলত সমালোচনা কৰে ৰিপুণ বৰায়ে । অমিত শ্বাহে কলকাতাত কৈছিল প্ৰথমে নাগৰিকত্ব সংশোধনি বিধেয়ক গৃহীত কৰা হব তাৰ পাছত এন আৰ চি (ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ) । লগতে ছুপ্ৰিম কোৰ্টেক অবমাননাৰ অভিযোগ কৰে ।

লগতে সংবাদমেলতে কংগ্ৰেছে নাগৰিকত্ব সংশোধনি বিধেয়ক খন বিৰোধিতা কৰিব বুলি প্ৰকাশ কৰে যে ৰিপুণ বৰায়ে । গোটেই অসমতে কংগ্ৰেছে তৃণমূলৰ ভোট লাভ কৰিছে বুলি প্ৰকাশ কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com