অসমত ৩ টা পৰ্যায়ত অনুষ্ঠিত হব লোকসভা নিৰ্বাচন

অসমত ৩ টা পৰ্যায়ত অনুষ্ঠিত হব লোকসভা নিৰ্বাচন

অসমত ৩ টা পৰ্যায়ত অনুষ্ঠিত হব লোকসভা নিৰ্বাচন । অসমত ১১, ১৮ আৰু ২৩ অনুষ্ঠিত হব লোকসভা নিৰ্বাচন । ২৩ মেত ফলাফল ঘোষণা কৰিব । ১১ এপ্ৰিলত অনুষ্ঠিত হব লগা প্ৰথম পৰ্যায় নিৰ্বাচনত ৫ টা লোকসভা সমষ্টিত অনুষ্ঠিত হব ভোট গ্ৰহণ । ১১ এপ্ৰিলত ডিব্ৰুগড়, লক্ষিমপুৰ, যোৰহাট, তেজপুৰ আৰু কলিয়াবৰত অনুষ্ঠিত হব । ১৮ এপ্ৰিলত হব লগা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কৰিমগঞ্জ, শিলচৰ, পাৰ্বত্য জিলা ডিফু, মংগলদৈ আৰু নগাঁও অনুষ্ঠিত হব । ২৩ এপ্ৰিলত অনুষ্ঠিত হব লগা তৃতীয় পৰ্যায় নিৰ্বাচনত ধুবুৰী, কোকৰাঝাৰ আৰু গুৱাহাটী হব ।

নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা মতে সমগ্ৰ ৰাজ্যতে ২৮, ১৪৩ ভোট গ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হব ভোট গ্ৰহণ।

এইবাৰ লোকসভা নিৰ্বাচন প্ৰথমটো পৰ্যায়ৰ ভোট গ্ৰহণ ৰঙালী বিহুৰ আগত অনুষ্ঠিত হব, দ্বিতীয় আৰু তৃতীয় পৰ্যায় ভোট গ্ৰহণ ৰঙালী বিহুৰ পিছত অনুষ্ঠিত হব । ২০১৪ চনৰ নিৰ্বাচনতো এটা পৰ্যায়ৰ ভোট গ্ৰহণ ৰঙালী বিহু আগত অনুষ্ঠিত হৈছিল আৰু দ্বিতীয়, তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৰঙালী বিহুৰ পিছত অনুষ্ঠিত হৈছিল । এইটো পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিন হ'ল ২৫ মাৰ্চ আৰু ২৬ মাৰ্চত মনোনয়ন সমূহ পৰীক্ষা কৰা হব । ২৮ মাৰ্চত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। ১১ এপ্ৰিলত ভোট গ্ৰহণ অনুষ্ঠিত হব ।

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ২৬ মাৰ্চ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন , ২৭ মাৰ্চত মনোনয়ন সমূহ পৰীক্ষা কৰা হব আৰু ২৯ মাৰ্চ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন । দ্বিতীয় পৰ্যায়ত ভোট গ্ৰহণ অনুষ্ঠিত হব ১৮ এপ্ৰিলত ।

আনহাতে ৪ এপ্ৰিল মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে। ৫ এপ্ৰিলত মনোনয়ন পত্ৰ পৰীক্ষাৰ কৰা হব । ৮ এপ্ৰিলত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হব ২৩ এপ্ৰিলত ।

অসমত ২,১৭,৬০,৬০৪ ভোটাৰ আছে। তাৰে ১,১১,৩২,৭৮২ গৰাকী পুৰুষ ভোটৰ থকাৰ পৰিবৰ্তে ১,০৬,২৭,৮২২ মহিলা ভোটৰ আছে ।

২০১৮ চনত ভোটৰৰ সংখ্যা আছিল ২,১২,৪৭,৮৫৪ । সেয়েহে বিগত বৰ্ষতকৈ ৫,১২,৭৫০ ভোটাৰ বৃদ্ধি হৈছে । ২.৪২ শতাংশ বৃদ্ধি পাইছে এই বৰ্ষত ।

জিলা ভিত্তিক ২০১৯ চনত নগাঁওত ভোটাৰ সংখ্যা সৰ্বাধিক। ১৩,৯১,৯৯৩ ভোটাৰ আছে নগাঁওত । LAC মতে সৰ্বাধিক ভোটাৰ আছে দিছপুৰত , ৩,৭৯,২৯৮ ত ভোটাৰ নাম আছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com