Begin typing your search above and press return to search.

গুৱাহাটীত যান বাহনৰ ব্যৱস্থা সুচল কৰিবৰ কাৰণে কামৰূপ পৰিবহন বিভাগৰ এক বিশেষ পদক্ষেপ

গুৱাহাটীত যান বাহনৰ ব্যৱস্থা সুচল কৰিবৰ কাৰণে কামৰূপ পৰিবহন বিভাগৰ এক বিশেষ পদক্ষেপ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Jun 2019 8:23 AM GMT

গুৱাহাটীত যান বাহনৰ ব্যৱস্থা সুচল কৰিবৰ কাৰণে কামৰূপ পৰিবহন বিভাগে চিটী বাছৰ কাৰণে নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে ৷ নতুন নীতি নিৰ্দেশনাৰ জৰিয়তে মহানগৰীত যান বাহনে সৃষ্টি কৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত আৰু চিটী বাছসমূহৰ চলাচল সুচল হোৱাত সহায় কৰিব ৷ ইফালে যান বাহন বিভাগৰ ডি চি পি প্ৰশান্ত শইকীয়াৰ মত অনুসৰি চিটী বাছৰ কমিটীয়ে নতুন নীতি নিৰ্দেশনাসমূহ তৈয়াৰ কৰিছে।

লগতে প্ৰশান্ত শইকীয়াই কয় যে বেছিভাগ চিটী বাছ জি এছ,এম জি আৰু আৰ জি বৰুৱা পথদি চলাচল কৰে ৷ আৰু এই পথটোত তীব্ৰ যান বাহনৰ সমস্যাই দেখা দিয়ে ৷ ইয়াৰ বিপৰীতে কিছুমান পথেদি কেতিয়াও যান বাহন চলাচল নকৰে। অন্যহাতে দ্য চেন্টিনেলৰ সন্মুখত প্ৰশান্ত শইকীয়া কয় যে ১৫ -২০ বছৰৰ পূৰ্বে চিটী বাছসমূহ সময়মতে চলাচল কৰিছিল। কিন্তু সাম্প্ৰতিক সময়ত ইয়াৰ বিপৰীত দৃশ্য দেখিবলৈ পোৱা যায়। চিটী বাছসমূহে য’তে ত’তে ৰৈ যাত্ৰী সকলক উঠাই আনে ৷

লগতে যাত্ৰীসকলেও বাছ আস্থানত নৰখি য’তে ত’তে বাছসমূহ ৰখাই ৷ যাৰ ফলত যান বাহন চলাচল কৰাত অৰাজকতাই দেখা দিয়ে ৷ গতিকে চিটী বাচসমূহৰ সমগ্ৰ প্ৰণালীটোৱেই পৰিৱৰ্তন কৰিব লাগিব। উল্লেখ্য যে ট্ৰেফিক পেট্ৰ’ল ভানে মহানগৰীত যাতায়তৰ ব্যৱস্থা সুচল কৰিব কাৰণে তীক্ষ্ণ দৃষ্টি ৰাখিব ৷পূৰ্বতে যান বাহনৰ নিয়ম উলংঘাকাৰী সকলৰ কাৰণে মহানগৰীত যাত্ৰীয়ে বহু অসুবিধাৰ সন্মুখীন হৈছে ৷ কিন্তু সম্প্ৰতি, যান বাহনৰ নীতি নিৰ্দেশনা উলংঘাকাৰীসকলৰ ক্ষেত্ৰত বিহীত ব্যৱস্থা লোৱা হ’ব ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি