পথ দুৰ্ঘটনাত মৃত্যু দুজনৰ , আৰু আহত কেইবাজনৰো

পথ দুৰ্ঘটনাত মৃত্যু দুজনৰ , আৰু আহত কেইবাজনৰো

দিনে দিনে বাঢ়ি আহিছে পথ দুৰ্ঘটনাৰ সংখ্যা । দুৰ্গা পূজাৰ সময়ত অধিক হৈছে পথ দুৰ্ঘটনাৰ সংখ্যা ।বুধবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ , কানঞ্চনজুৰি আৰু কলিয়াবৰত সংঘটিত হোৱা পথ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হোৱাৰ উপৰিও ২০ জনৰো অধিক লোক গুৰুতৰ ভাৱে আহত হয় ।

উৎস অনুসৰি বাছ অপাৰেটিঙ ( bus operating )ৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ ট্ৰেভেলচ ( brahmaputra travels ) ৰ ৰেজিষ্টাৰ নম্বৰ AS - 01 - HC - 8887 বাছ খনে গুৱাহাটীৰ পৰা যোৰহাট অভিমুখে ৰাওনা হৈছিল । যোৰহাট অভিমুখী বাছ খনে কানঞ্চনজুৰি কলিয়াবৰৰ ওচৰত সন্ধিয়া সময়ত এখন তেল ভৰ্তি ট্ৰাকক খুন্দা মাৰে । যাৰ ফলত এই ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনা সংঘটিত হোৱাৰ কিছু সময় পিছতেই স্থানীয় লোক সকলে পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত লোক সকলক উদ্ধাৰ কৰে । পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা সকলো লোককে উচ্চ চিকিৎসাৰ বাবে জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

আন এটা ঘটনা সংঘটিত হয় মঙ্গলবাৰে । এই পথ দুৰ্ঘটনা সংঘটিত হয় বোকাখাটৰ লটাবাৰী অঞ্চলত । এই পথ দুৰ্ঘটনাত বহুতো লোক গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় । উৎস অনুসৰি জানিব পৰা গৈছে যে এখন টাটা এ চি ই খাদ্য কঢ়িয়াই নিয়া বাহন ( AS - 05C - 8310 ) এ প্ৰায় ২৫ জন মানুহক কঢ়িয়াই নিছিল । অৱশেষত বাহন খনে গতি নিয়ন্ত্ৰন কৰিব নোৱাৰি ৰাস্তাৰ কাষত বাগৰি পৰে ।

বাহনখনত থকা মানুহখিনি লচাবাৰীৰ ওচৰৰ ডিফালো নদীৰ দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জন কাৰ্যসূচীৰ পৰা উভতি আহি আছিল । এই লোক সকল মেথনি চাহ বাগিচা ( methoni tea estate ) ৰ বাসিন্দা বুলি জানিব পৰা গৈছে । স্থানীয় লোক আৰু আৰক্ষীৰ সহায়ত আঘাতপ্ৰাপ্ত লোক সকলক বোকাখাটৰ ছহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আঘাতপ্ৰাপ্ত হোৱা লোক সকলৰ ভিতৰত ৯ জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে আৰু উন্নত চিকিৎসাৰ বাবে তেওঁলোকক যোৰহাট মেডিকেল কলেজ এন হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com