Begin typing your search above and press return to search.

সমাজ কল্যাণ বিভাগৰ কাম কাজত ক্ষোভিত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানী

সমাজ কল্যাণ বিভাগৰ কাম কাজত ক্ষোভিত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Jun 2019 6:33 AM GMT

সমাজ কল্যাণ বিভাগৰ কামৰ অগ্ৰগতিৰ ক্ষোভিত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানী ৷ কেন্দ্ৰীয় শিশু আৰু মহিলা কল্যাণ মন্ত্ৰী স্মৃতি ইৰানীয়ে "পোষণ" আৰু "মাতৃ বন্দনা" আদিৰ দৰে জনপ্ৰিয় আঁচনিৰ কাম কাজত ৫ শতাংশ অগ্ৰগতি হোৱাত ক্ষোভিত হৈ পৰে আৰু ১১ মাহৰ ভিতৰত আঁচনিখন বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে সময়সীমা বান্ধি দিয়ে।

উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীয়ে মংগলবাৰে গুৱাহাটীত ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ বিভিন্ন কাৰ্যৰ পৰ্যবেক্ষণ কৰে ৷ ইফালে এই বৈঠকত ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল উপস্থিত আছিল ৷ আনহাতে ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ পৰ্যালোচনা শীৰ্ষক বৈঠকখনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশেষকৈ গুৰুত্ব আৰোপ কৰা আঁচনি দুখনৰ বাস্তৱায়িত হোৱাৰ গতি, অত্যন্ত সীমিত বুলি অনুভৱ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীয়ে কয় যে দেশৰ অন্যান্য ৰাজ্যত এই আঁচনি দুখনে অতি ক্ষিপ্ৰ গতিত বিকাশ হৈছে ৷ইফালে সংবাদ মাধ্যমৰ লগত হোৱা কথা বাৰ্তাত মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই কয় যে পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ বাবে আমি কিছুমান কাম কৰিব পৰা নাই ৷ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰসংগ উত্থাপন কৰি প্ৰমীলা ৰাণী ব্ৰহ্মই কয় যে নাগৰিক পঞ্জীৰ কামত বহু বিষয়া কৰ্মচাৰী জৰিত হৈ আছে ৷গতিকে আমি এই সন্দৰ্ভত বিভাগীয় কেন্দ্ৰীয় মন্ত্ৰীক দাঙি ধৰিছো ৷

ইয়াৰ পিছতেই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিভাগৰ কৰ্তৃপক্ষক বিভাগৰ কামক ক্ষিপ্ৰ গতিত আগুৱাই নিবলৈ সময়সীমা বান্ধি দিয়ে ।লগত এই আঁচনিসমূহ বাস্তৱত ৰূপায়ন কৰাৰ কাৰণে ধনৰ কোনো ধৰণৰ অভাৱ ন’হব বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীয়ে।উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানী সাম্প্ৰতিক কালত এক শক্তিশালী নেত্ৰী ৷অভিনেত্ৰীৰ পৰা ৰাজনৈতিক নেত্ৰী হোৱা স্মৃতি ইৰানীয়ে কৈছিল যে জীৱনত যেতিয়াই আপুনি ভাবিব যে সকলো ঠিকে ঠাকে আছে ৷আৰু আপুনি জীৱনত কিবা এটা কৰিবলৈ আগবাঢ়িব ৷তেতিয়াই আৰম্ভ হ’ব আপোনাৰ জীৱন ৷সেই কাৰণে আমি জীৱনত প্ৰত্যাহ্বানক স্বীকাৰ কৰিব লাগে ৷

ছ’চিয়েল মিডিয়াত স্মৃতি ইৰানীৰ লাখৰো অধিক অনুৰাগী আছে ৷এগৰাকী অভিনেত্ৰী আৰু সম্প্ৰতিক সময়ত এগৰাকী শক্তিশালী নেত্ৰী হিচাপে ভাল পায় জনসাধাৰণে স্মৃতি ইৰানীক ৷৪৩ বছৰীয়া শক্তিশালী নেত্ৰীগৰাকী মোডী চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী সভাৰ কেন্দ্ৰীয় শিশু আৰু মহিলা উন্নয়ন বিভাগৰ মন্ত্ৰী ৷বিগত লোকসভা নিৰ্বাচনত স্মৃতি ইৰানী আমেঠিৰ পৰা ৰাহুল গান্ধীক ৫৫,১২০ ভোটত পৰাজিত কৰিছিল ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি