Begin typing your search above and press return to search.

শান্তি আৰু বিকাশত হিংসাই বাধাৰ সৃষ্টি কৰেঃ ৰাজ্যপাল জগদীশ মুখী

শান্তি আৰু বিকাশত হিংসাই বাধাৰ সৃষ্টি কৰেঃ ৰাজ্যপাল জগদীশ মুখী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Sep 2019 4:57 AM GMT

অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে কয় যে হিংসা আৰু প্ৰতিশোধে এখন সমাজৰ বিকাশত বাধা দিয়ে। কাৰণ সভ্য সমাজে হিংসাৰ জৰিয়তে বিকাশৰ শিখৰত উপনীত নহয়। বৃহস্পতিবাৰে শান্তি আৰু অহিংসা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা দিৱসত ৰাজ্যপাল জগদীশ মুখীয়ে কয় যে অহিংসাৰ মাজত শান্তিপূৰ্ণ পৰিবেশে বিৰাজ কৰে।

অহিংসাৰ জৰিয়তম ব্যক্তিগত,স্থানীয়, প্ৰত্যেক স্তৰৰ সংঘৰ্ষ হ্ৰাস কৰিব পাৰে ।লগতে জাতিৰ পিতা মহাত্মা গান্ধীক স্মৰন কৰি জগদীশ মুখীয়ে কয় যে অহিংসাই মানৱ জাতিক একত্ৰিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লয়। গতিকে সভ্য সমাজৰ অংশ হিছাপে আমি হিংসাক ত্যাগ কৰিব লাগে আৰু অহিংসা আৰু তযাগক আকোঁৱালি ল’ব লাগে। অহিংসা হৈছ এক নীতি আৰু অভ্যাস ৷গতিকে আমি আহিংসাৰ শৰণাপন্ন হৈ বিকাশৰ পথত আগবাঢ়ি যাব লাগে ৷

অধিক খবৰৰ বাবে পঢ়ক:ৰে’ল অৱৰোধ কৰিবলৈ গৈ আৰক্ষীৰ সৈতে হতাহতি কোচ-ৰাজবংশী সংগঠনৰ

ভিডিঅ প্ৰতক্ষ্য কৰক:Golaghat Police raid at a residence in Tirual Gaon near Furkating | The Sentinel News | Assam News

Next Story
চাকৰি