Begin typing your search above and press return to search.

ক’ৱিড-১৯ৰ বিৰুদ্ধে যুঁজত আমি ১৯দিনতে জয়ী হ’মঃ প্ৰধানমন্ত্ৰী মোদী

ক’ৱিড-১৯ৰ বিৰুদ্ধে যুঁজত আমি ১৯দিনতে জয়ী হ’মঃ প্ৰধানমন্ত্ৰী মোদী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 March 2020 12:42 PM GMT

ক’ৱিড-১৯ৰ বিৰুদ্ধে যুঁজত আমি ১৯দিনতে জয়ী হ’মঃ মোদী

“সম্পূৰ্ণ তলা-বন্ধৰ ২১টা দিনৰ ভিতৰত আমি ১৯দিনতে জয়লাভ কৰিম৷ আমি এই যুঁজত জয়ী হমেই৷” এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ দেশবাসীক সতৰ্ক আৰু সাৱধানে থাকিবলৈ কিন্তু আতংকিত নহ’বলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনাইছে ৷ মঙলবাৰে নিশা দেশবাসীক উদ্দেশি দিয়া ভাষণৰ জৰিয়তে ২১দিনীয়া তলা-বন্ধ ঘোষণা কৰে ৷ পাছত আজি তেওঁ গৃহ সমষ্টি বাৰাণসীৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে দেশবাসীক পুনৰ সম্বোধন কৰে ৷ আজি মোদীয়ে দেশবাসীক আশ্বাসবাণী শুনাই কয়, “ ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজত জয়ী হোৱাৰ প্ৰধান অস্ত্ৰ হ’ল সামাজিক দূৰত্ব বজাই ৰখা আৰু ঘৰৰ ভিতৰত সোমাই থকা ৷ মই দেশবাসীক অতি জৰুৰী নহ’লে ঘৰৰ পৰা নোলাবলৈ অনুৰোধ জনাইছোঁ ৷” উল্লেখ্য যে কালি মোদীয়ে দেশজোৰা তলা-বন্ধ ঘোষণা কৰাৰ সময়ত চৰকাৰী নীতি-নিৰ্দেশনা ভংগ কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিয়ে ৷ এই বন্ধৰ ফলত দেশ প্ৰচুৰ আৰ্থিক ক্ষতিৰ সন্মুখীন হ’ব যদিও ক’ৰ’না মহামাৰী ৰোধৰ বাবে তলা-বন্ধ ঘোষণাৰ বাহিৰে আন উপায় নাই বুলিও প্ৰধানমন্ত্ৰীয়ে ইংগিত দিয়ে ৷ ইপিনে, দেশৰ দৰিদ্ৰ আৰু নিম্ন আয়ৰ ৮০কোটি লোকৰ বাবে কেন্দ্ৰই তিনি টকা দৰত চাউল যোগানৰ আঁচনি গ্ৰহণ কৰিছে ৷ সমগ্ৰ দেশৰ ৮০কোটি দৰিদ্ৰ লোকক প্ৰতি কিলোগ্ৰাম চাউল ৩ টকা দামত যোগান ধৰিব কেন্দ্ৰই ৷ ইয়াৰ বাবদ কেন্দ্ৰই ব্যয় কৰিব ১লাখ ৮৯হেজাৰ কোটি টকা ।বুধবাৰে কেন্দ্ৰীয় কেবিনেটে এই আঁচনিত অনুমোদন জনায় ৷ এই আঁচনি বিশ্বৰ বৃহত্তম চাউল যোগান ধৰা আচনিৰূপে পৰিগণিত হৈছে ৷ কেবিনেটৰ অনুমোদনৰ পাছত এই কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰে ৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে মঙলবাৰে নিশা ল’ক-ডাউন ঘোষণা কৰাৰ পাছত দৰিদ্ৰ আৰু নিম্ন আয়ৰ লোকলৈ সাহায্য দেশজোৰা প্ৰবল দাবী উত্থাপিত হয় ৷ সম্প্ৰতি চৰকাৰে এই আঁচনি ঘোষণা কৰাত স্বস্থিৰ নিশ্বাস পেলাইছে ৷ ইপিনে, একাংশ অসাধু ব্যৱসায়ীয়ে জনতাৰ অসহায় অৱস্থাৰ সুযোগ বুজি অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধি ঘটোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ লক্ষ্যণীয় যে সমগ্ৰ বিশ্বজুৰি ক’ৰ’না মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত দেশৰ প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশজুৰি ঘোষণা কৰে লক-ডাউন। মঙলবাৰে নিশা তেওঁ দেশবাসীক উদ্দেশি ক’ৰ’না মহামাৰীক লৈ দ্বিতীয়বাৰৰ বাবে বক্তব্য আগবঢ়ায়। এই ভাষণৰ সময়ত তেওঁ অহা ১৪ এপ্ৰিললৈকে সমগ্ৰ দেশব্যাপি তলাবন্ধ ঘোষণা কৰে। এই সময়ছোৱাত জৰুৰী সেৱাৰ কৰ্মীসকলৰ বাহিৰে আন লোকক ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ আহ্বান জনাই তেওঁ কয়, “ মই হাতযোৰ কৰি আপোনালোকক অনুৰোধ জনাইছো আপোনালোক এই ২১ দিনৰ বাবে ঘৰৰ পৰা নোলাব’।এই দীৰ্ঘদিনজোৰা তলাবন্ধৰ ফলত দেশ ক্ষতিৰ সন্মুখীন হ’ব যদিও জনতাৰ প্ৰাণৰক্ষা বাবে এনে কাৰ্যসূচী ঘোষণাৰ গত্যন্তৰ নাই বুলি ভাষণত মোদীয়ে ইংগিত দিয়ে৷ উল্লেখ্য যে ভাৰতত এই মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা সম্প্ৰতি ৫০০ জনতকৈও অধিক হৈছে।তদুপৰি শেহতীয়া তথ্য অনুসৰি দেশত এই মহামাৰীত বৰ্তমানলৈকে ১১জন লোক মৃত্যুমুখত পৰিছে ৷ অৱশ্যে এই তলাবন্ধৰ সময়ছোৱাত জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় সেৱাসমূহ বন্ধ নহয়। খাদ্য-সামগ্ৰীৰ দোকান, পেট্ৰল পাম্প আদি খোলা থাকিব ৷

অন্য খবৰৰ বাবে পঢ়ক: বিশ্বত আৰ্থিক মন্দাৰ আশংকাঃ ক’ৰ’নাৰ ৰম্যপুৰী হোৱাৰ দিশে আমেৰিকা

ভিডিঅ প্ৰতক্ষ্য কৰক: Sellers take advantage of helplessness of panic stricken citizens by overpricing commodities

Next Story