Begin typing your search above and press return to search.

প্ৰধানমন্ত্ৰী বীমা যোজনাই বানাক্ৰান্ত লোকসকলক লাভাম্বিত কৰিবনে?

প্ৰধানমন্ত্ৰী বীমা যোজনাই বানাক্ৰান্ত লোকসকলক লাভাম্বিত কৰিবনে?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 July 2019 9:25 AM GMT

প্ৰধানমন্ত্ৰী বীমা যোজনাই বানাক্ৰান্ত লোকসকলক লাভাম্বিত কৰিবনে? ৰাজ্যত হোৱা প্ৰলয়ংকাৰী বানত সম্প্ৰতি সকলো কৃষকৰ নাজল নাথল অৱস্থা হৈছে ৷ ৰাজ্যৰ কৃষি বিভাগৰ তথ্য অনুসৰি ১.৬২ লাখ হেক্টৰ কৃষি ভূমিৰ লগতে প্ৰায় ৬ লাখ পৰিয়াল বানত ক্ষতি গ্ৰস্ত হৈছে ।কিন্তু প্ৰশ্ন হয় যে প্ৰধানমন্ত্ৰী কৃষি আঁচনিৰ অধীনত থকা বিভাগীয় কৰ্তৃপক্ষসকল এই কৃষকৰ সকলৰ সহায়ৰ কাৰণে আহিবনে ?

এনেধৰণৰ বীমালৈ লক্ষ্য কৰিলে দেখা যায় যে এই আঁচনিসমূহৰ জৰিয়তে কেৱল বীমা কম্পেনীসমূহৰহে লাভ হয় ৷ কৃষকসকলৰ নহয়। PMFBY ৰ আৰম্ভ হৈছিল ২০১৬ চনত ৷ অসমত ৫,১৭৯জন কৃষক নিজৰ কৃষি ভূমি বীমা কৰাইছিল ৷ য’ত ৬.৯১ কোটি টকাৰ সফল প্ৰিমীয়াৰ হৈছিল৷অৱশ্যে ৰাজ্যত কেৱল ২৩,৩৭০ কৃষকসকলে ৫.০২ কোটি টকা লাভ কৰিছিল ৷

ইফালে ২০১৬-১৭ বৰ্ষত ৮,৫১৫ কৃষকসকলে নিজৰ ভূমি বীমা কৰায় । য’ত ১.৭২ কোটি টকাৰ সফল প্ৰিমীয়াৰ হয় আৰু ০.৮৬ কোটি টকাৰ কৃষক প্ৰিমীয়াৰ আছিল ৷অৱশ্যে ৭৬ জন কৃষকৰ ০.১৪ কোটি টকা লাভ হয় ।২০১৭ চনৰ খাৰিফ শস্যৰ সময়ত ৫১,৫৫০ জন কৃষকে নিজৰ কৃষি বীমা কৰায়৷ য’ত ১০.৮ কোটি টকা সফল প্ৰিমিয়াৰ হয় ৷ য’ত ৪.৫৯ কোটি টকাৰ কৃষক সকলক প্ৰিমিয়াৰ হয় ৷

আনহাতে ২০১৮ চনত কৃষিৰ বীমা প্ৰীমিয়াৰৰ কাৰণে ৩.৩৬ কোটি টকা আৰু ৰবি শস্যৰ কাৰণে ৮৫০০০ কৃষকৰ কাৰণে ৭.২৩ কোটি টকা আছিল ৷ অৱশ্যে বিভাগে সেই বৰ্ষত কিমান পৰিমাণৰ কৃষি বীমা কৰিছিল সেই সম্পৰ্কে এতিয়াও তথ্য দিব পৰা নাই। বিভাগীয় এজন বিষয়াৰ মন্তব্য অনুসৰি অসমত কৃষি বীমা ইমান লোকপ্ৰিয় নহয়। চলিত বৰ্ষত আমি কৃষিত বীমা কৰাৰ ক্ষেত্ৰত জাগৰণ অভিযান কৰে ৷নতুন নীতি অনুসৰি এজন কৃষকে মাত্ৰ ১টকা দি নিজৰ কৃষি বীমা কৰাব পাৰে ৷

বানপীড়িতসকলক সহায় কৰিবলৈ উপায়ুক্তসকলক আহ্বান বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে উপায়ুক্তসকলক যুদ্ধ সদৃশ পৰিস্থিতিৰে বানত প্ৰভাৱিত লোকসকলক সহায় কৰিবৰ কাৰণে নিৰ্দেশ দিয়ে। বিয়লি উপায়ুক্তসকলৰ লগত হোৱা এখন ভিডিঅ’ কনফাৰেন্স হ’লত এই নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

অন্য খবৰৰ বাবে পঢ়ক: ওদালগুৰিৰ নোৱা নদীৰ বান্ধ মেৰামতিৰ দাবী কলাইগাঁও আছুৰ

Next Story
চাকৰি