Begin typing your search above and press return to search.

শ্ৰীদেৱীক হত্যা কৰা হৈছিল : প্ৰমাণ থকাৰ দাবী কেৰেলাৰ ডিজিপিৰ

শ্ৰীদেৱীক হত্যা কৰা হৈছিল : প্ৰমাণ থকাৰ দাবী কেৰেলাৰ ডিজিপিৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 July 2019 1:59 PM GMT

বলীউদৰ প্ৰথম গৰাকী মহিলা চুপাৰষ্টাৰ শ্ৰীদেৱীৰ স্বাভাৱিক মৃত্যু হোৱা নাছিল । মোহময়ী অভিনেত্ৰী গৰাকীক হত্যা কৰা হৈছিল । ২০১৮ চনৰ ২৪ ফেব্ৰুৱাৰীত ডুৱাই মৃত্যু হৈছিল শ্ৰীদেৱীৰ । বাথটাবত মৃত্যু হৈছিল বুলি প্ৰকাশ কৰিছিল । মৃত্যুৰ পাছত বহুতো ৰহস্যৰ সন্দেহ কৰা হৈছিল ।

শ্ৰীদেৱীক হত্যা কৰা হৈছিল বুলি কেৰালাৰ ডিজিপি ঋষিৰাজ সিঙে দাবী কৰিছে। তেওঁ প্ৰকাশ কৰিছে যে এয়া সম্ভৱেই নহয় যে কোনোবা এক ফুট দ’ বাথটাবত ডুবিব পাৰে, কোনোবাই শ্ৰীদেৱীৰ দুয়োটা ভৰি ধৰিছিল তাৰ পিছত তেওঁৰ মুৰটো পানীত ডুবাই হত্যা কৰিছিল । শ্ৰীদেৱীৰ মৃত্যুক লৈ কেৰালাৰ আইপিএছ তথা কাৰাগাৰ ডিজিপি ঋষিৰাজ সিঙে এক চাঞ্চল্যকৰ দাবী কৰিছে। তেওঁৰ দাবী কৰে যে শ্ৰীদেৱীৰ মৃত্যু বাথটাবত ডুবাৰ ফলত হোৱা নাই, বৰং তেওঁক হত্যা কৰা হৈছে। আইপিএছ বিষয়া ঋষিৰাজ সিঙে নিজৰ এজন চিনাকী চাৰ্জনৰ কথাৰে এই চাঞ্চল্যকৰ দাবী কৰিছে। তেওঁৰ বন্ধু ডাঃ ওমাদাথন এজন বিখ্যাত ফৰেন্সিক চাৰ্জন আছিল। কিছু দিন পূৰ্বে তেওঁৰ মৃত্যু হৈছে বুলি প্ৰকাশ কৰে বিজেপি গৰাকীয়ে ।

শ্ৰীদেৱীয়ে ডুৱাইত পৰিয়ালৰ বিবাহত অংশগ্ৰহন কৰিবলৈ গৈছিল । বিবাহত অংশগ্ৰহন কৰাৰ পিছত হোটেলৰ ৰোমলৈ অহাৰ পাছত মৃত্য হৈছিল মোহময়ী অভিনেত্ৰী গৰাকীৰ ।

ডিজিপিয়ে নিজৰ প্ৰৱন্ধত উল্লেখ কৰিছে যেকোনোবাই শ্ৰীদেৱীৰ ভৰি দুখন জপটিয়াই ধৰাৰ লগতে তেওঁৰ মুৰটো পানীত ডুবোৱাৰ ফলত তেওঁৰ মৃত্যু হয়। কোনোবাই হেঁচা মাৰি নধৰিলে এজন ব্যক্তিৰ মুৰ আৰু ভৰি এটা এক ফুট দ’ বাথটাবত ডুব নাযায়।

অধিক খবৰৰ বাবে পঢ়ক: শ্ৰীদেৱীৰ বায়’পিকত অভিনয় কৰিব ৰাকুল প্ৰিতে

Next Story
চাকৰি