Begin typing your search above and press return to search.

কিশোৰক প্ৰহাৰৰ ঘটনাত জুবিন গাৰ্গক ২০ হেজাৰ ক্ষতি পূৰন দিয়াৰ নিৰ্দেশ

কিশোৰক প্ৰহাৰৰ ঘটনাত জুবিন গাৰ্গক ২০ হেজাৰ ক্ষতি পূৰন দিয়াৰ নিৰ্দেশ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Jun 2019 7:45 AM GMT

পুনৰ বাতৰিৰ শিৰোনাম দখল জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ । ২০১৩ চনতে কিশোৰক প্ৰহাৰ কৰা ঘটনাত শুকুৰবাৰে জিলা সত্ৰ ন্যায়াধীশ আদালতে ৰায় দান দিয়ে ।

কামৰূপ জিলা ন্যায়াধীশৰ আদালতে শুকুৰবাৰে অৰূপ বৰবৰাৰ পুত্ৰক ২০ হেজাৰ টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ জুবিন গাৰ্গক। লগতে আইন অমান্য নকৰে বুলি জুবিন গাৰ্গে প্ৰতিশ্ৰুতি দিব লাগিব বুলি প্ৰকাশ কৰে আদালতে।

২০১৩ চনত ৰাজপথত কিশোৰক প্ৰহাৰ কৰা ঘটনাত জেললৈ যোৱাৰ পৰা সকাহ জুবিন গাৰ্গক । জনপ্ৰিয় গায়ক জুবিন গাৰ্গক ২০ হেজাৰ টকাৰ ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ দিছে কামৰূপ জিলাৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে । শুকুৰবাৰে ন্যায়াধীশ ইউ ৰাজখোৱাৰ আদালতে বিশিষ্ট অধিবক্তা অৰূপ বৰবৰাৰ পুত্ৰক প্ৰহাৰ কৰাৰ ঘটনাত জুবিন গাৰ্গক ২০ হেজাৰ টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছে ।

২০ হেজাৰ টকাৰ ক্ষতিপূৰণ দিয়াৰ লগতে জুবিন গাৰ্গে ২ বছৰলৈ কোনো নীতি নিয়ম উলংঘা নকৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে কোনোধৰণৰ অপৰাধ মুলক কাৰ্যকলাপৰ নকৰাৰ প্ৰতিশ্ৰুতি দিব লাগিব বুলি প্ৰকাশ কৰে ।

১৯৫৮ ৰ "প্ৰবেচন অব অফেণ্ডাৰ এক্ট " ৪ নং ধাৰা অনুসৰি ৫০ হাজাৰ টকাৰ বণ্ডৰ বিনিময় কাৰাবাসৰ পৰা ৰেহাই দি জুবিন গাৰ্গক শান্তিপূৰ্ণ আচৰণ ৰক্ষাৰ কৰাৰ লগতে অপৰাধমুলক কাৰ্য নকৰিবলৈ নিৰ্দেশ দিছে।

ৰাজপথত পুত্ৰক প্ৰহাৰৰ ঘটনাক লৈ অৰূপ বৰবৰায়ে জুবিন গাৰ্গৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । এই গোচৰত সংক্ৰান্ততে ২০১৭ চনৰ ৬ অক্টোবৰত আদালতে জুবিন গাৰ্গক ৩ মাহৰ কাৰাদণ্ডৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনা বিহিছিল । পৰবৰ্তী সময়ত নিম্ন আদালতৰ এই নিৰ্দেশনাৰ বিৰুদ্ধে জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ দ্বাৰস্থ হৈ এখন আবেদন দাখিল কৰিছিল জুবিন গাৰ্গে । এই আবেদন খনৰ চুৰান্ত ৰায়দান কৰে জিলা সত্ৰ ন্যায়াধীশে ।

তিনিমাহৰ কাৰাদণ্ডৰ পৰা ৰেহাই দি জুবিন গাৰ্গক ২০ হেজাৰ টকাৰ জৰিমনা দিয়ে । আৰু আদালতক আইন অমান্য নকৰাৰ প্ৰতিশ্ৰুতি দিব লাগিব বুলি প্ৰকাশ কৰে । পূৰ্বৰ ৫ হেজাৰৰ পৰিবৰ্তে ২০ হেজাৰ টকাৰ জৰিমনা বিহে । আদালতত জুবিন গাৰ্গৰ হৈ যুক্তি প্ৰদৰ্শন কৰে অধিবক্তা তন্ময়জ্যোতি মহন্তৰ লগতে অধিবক্তা পংকজ প্ৰতিম দত্ত, বিপ্লৱ বৰা আৰু জোনমনি দেৱী খাউণ্ডে ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি