অবৈধ বিদেশীৰ বিষয়টো অসম চৰকাৰে গুৰুত্ব সহকাৰে লোৱা নাই: উচ্চতম ন্যায়ালয়

অবৈধ বিদেশীৰ বিষয়টো অসম চৰকাৰে গুৰুত্ব সহকাৰে লোৱা নাই: উচ্চতম ন্যায়ালয়

বুধবাৰে উচ্চতম ন্যায়ালয়ে অবৈধ বিদেশীৰ বিষয়টো অসম চৰকাৰৰে গুৰুত্ব সহকাৰে লোৱা নাই বুলি কৈছে । ন্যায়ালয়ে চলিচিটৰ জেনেৰেল তুষাৰ মেহটা ক প্ৰশ্ন কৰে সময়মতে গ্ৰহণ কৰা শুনানিৰ বিষয়টোৰ ওপৰত । ন্যায়ালয়ে আজি সময়সীমা বান্ধি দিছে ।২৭ মে ৰ ভিতৰত ৰাজ্যৰ বৈদেশিক ন্যায়াধিকৰণক তথ্য দিবলৈ নিৰ্দেশ দিছে ।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিচাৰপীঠে আজি অবৈধ বিদেশীৰ বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাই বুলি প্ৰকাশ কৰে । স্থানীয় অধক্ষ্যয়ে অসমৰ ডিটেনচন কেম্প সমুহৰ ওপৰত এফিডেফিট তৰিছে|

অসম চৰকাৰে উচ্চতম ন্যায়ালয়ক ৰাজ্যত ৫০,০০০ লোক ১০ বছৰ ধৰি বাস কৰি থকাৰ তথ্য প্ৰকাশ কৰিছে । তাৰে ৯০০ ক ইতিমধ্যে বিদেশী বুলি চিনাক্ত কৰাৰ পাছত ৰাজ্যৰ ৬ টা ডিটেনচন কেম্প ৰখা হৈছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com