ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামানক কাইলৈ ভাৰতক উভতাই দিব-ইমৰান খান

ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামানক কাইলৈ ভাৰতক উভতাই দিব-ইমৰান খান

ভাৰতৰ বাবে সুখবৰ । পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ঘোষনা -কাইলৈ ভাৰতীয় বায়ু সেনাৰ পাইলট অভিনন্দন বৰ্ধমানক মুকলি কৰা হ'ব। ইমৰান খানে এই কথা পাকিস্তানী সংসদত জনাই । আমি শান্তি বিচাৰো, আমি পাইলটক ঘূৰাই দিম’ সংসদত মন্তব্য পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ|

বুধবাৰে পুৱাৰে পৰা ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামান পাকিস্তানৰ জিম্মাত আছিল । পাকিস্তানৰ বায়ুসেনাক ৰুধিবলৈ গৈ ভাৰতৰ এখন বিমান ভূপতিত হৈছিল । বিমান খনৰ ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামানে পেৰাচ্যুতেৰে পাকিস্তানৰ ভূমিত অবতৰণ কৰাত পাকিস্তানী সেনাই আটক কৰি লৈ গৈছিল । সংসদত পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ ইমৰান খানে কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে ইমৰান খানে কথা পাতিবলৈ প্ৰস্তুত । দুয়োখন দেশৰ সমস্যা সম্পৰ্কত কথা পাতিবলৈ তেওঁ প্ৰস্তুত বুলি প্ৰকাশ কৰে । লগতে ইমৰান খানে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীক আহ্বান জনাই যে দুয়োখন দেশৰ মাজত যুদ্ধ সদৃশ পৰিস্থিতি যাতে ইয়াতে শেষ হয় । দুয়োখন দেশৰে সামৰিক শক্তি আছে, সেয়েহে পৰিষ্ঠিতি অধিক বেয়া হলে দুয়োখন দেশৰ কাৰণেই বেয়া হব ।

বৈদেশিক মন্ত্ৰী শ্বাহ মেহমুদ কুৰেচীয়ে এক চৰ্ত ৰাখিছিল যে দুয়োখন দেশৰ মাজত যুদ্ধত পৰিষ্ঠিতি সাম কাটিবলৈ অৰ্থাৎ যুদ্ধ বিৰতিৰ বাবে চৰ্ত আৰোপ কৰিছিল । ভাৰতৰ কঠোৰ সকীয়নিৰ পাছত সেও মানিলে পাকিস্তানে। নিঃচৰ্তে অভিনন্দনক ওভতাই দিবলৈ ভাৰতে দিছিল হুমকি। ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামানক মুক্তিৰ দাবীত বুধবাৰে পাকিস্তানৰ |কিন্তু ভাৰতে যিকোনো চৰ্তৰ বিনিময়ত মুকলি কৰি দিবলৈ প্ৰকাশ কৰে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com