অৰুনাচল প্ৰদেশ আৰু অসমত ৬.১ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি

অৰুনাচল প্ৰদেশ আৰু অসমত ৬.১ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি

বুধবাৰে মাজনিশা উত্তৰ ভাৰতৰ লগতে অসম, অৰুনাচল প্ৰদেশত প্ৰবল ভূমিকম্পৰ জোকাৰণি । ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৬.১ আছিল । ভূমিকম্পৰ জোকাৰণি অসম, অৰুনাচল প্ৰদেশ আৰু চীনৰ সীমান্তৰ বিভিন্ন প্ৰান্ত , তিব্বত আৰু ম্যানমাৰত অনুভূত হয় ।

ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল অৰুনাচল প্ৰদেশৰ পশ্চিম চিয়াংত। নিশা ১.৪৫ ত অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং ত ৰিখটাৰ স্কেল ৫.৮ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি হয় । ১০ কিলমিটাৰ গভীৰতাত এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ।তিনিচুকীয়া, বাংলাদেশ আৰু ম্যানমাৰতো ভূমিকম্পৰ জোকাৰণি অনুভূত।

তিব্বতৰ বিভিন্ন প্ৰান্তত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় বুলি প্ৰকাশ কৰিছে চীনৰ ৰাজ্যিক সংবাদ প্ৰতিস্থানে ।

বৰ্তমানলৈকে ক্ষয় ক্ষতিৰ বাতৰি লাভ কৰা নাই ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com