আগন্তক নিৰ্বাচনত চাহ শ্ৰমিকসকলৰ ভূমিকা

আগন্তক নিৰ্বাচনত চাহ শ্ৰমিকসকলৰ ভূমিকা

প্ৰথম পৰ্যায়ত হ’ব লগীয়া ভোটগ্ৰহণৰ পাঁচটি সংসদীয় আসন ক্ৰমে ডিব্ৰুগড়, যোৰহাট , লক্ষীমপুৰ , তেজপুৰ আৰু কলিয়াবৰ বিশেষকৈ চাহ বাগান কেন্দ্ৰীত। কাৰণ, ইয়াত ৭০ শতাংশ চাহ বাগান উজনি অসমত বিস্তৃত ৷ প্ৰত্যেক বাৰেই এই পাঁচখন নিৰ্বাচন ক্ষেত্ৰৰ চাহ বাগান সমূহত ৫-৬ লাখ চাহ বাগান ভোটাৰে মুখ্য ভূমিকা গ্ৰহণ কৰে ৷

গতিকে, ব্যতিক্ৰম নহয় এইবাৰো। ২০১৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত ৰাজ্যত বিজেপি জয়ী হোৱাটো ইয়াৰ উৎকৃষ্ট নিদৰ্শন ৷ উজনি অসমত কংগ্ৰেছৰ দুৰ্গ ওফৰাই বিজেপিয়ে প্ৰবেশ কৰিলে ৷ ইয়াৰ পূৰ্বে উজনি অসমত কংগ্ৰেছে ৰাজত্ব কৰিছিল ৷ উজনি অসমত বিগত দুটা বৰ্ষৰ নিৰ্বাচনত চাহ বাগানৰ শ্ৰমিকসকলে বিজেপিৰ প্ৰতি নিজৰ নিষ্ঠা প্ৰদৰ্শন কৰে বিগত নিৰ্বাচনত ৷

লগতে এক দীঘলীয়া সময় অনুসৰি কংগ্ৰেছে উজনি অসমত ৰাজত্ব কৰিছিল ৷ এই সময়ছোৱাত এক অবিকশিত ৰূপত দেখিবলৈ পোৱা যায় অসমক ৷ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত এখন ছবি স্পষ্ট হৈ পৰে ৷ যুৱক আৰু উদীয়মান প্ৰাৰ্থীসকলক এৰি মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু গোলাঘাটৰ অজন্তা নেওগৰ বাহিৰে কংগ্ৰেছ বাকী প্ৰাৰ্থীসকল পৰাজয় হয় । ইয়াৰ মাজতে বিজেপি উজনি অসমত নিজৰ আধিপত্য বিস্তাৰ কৰে ৷ গৰ্ভৱতী মহিলাসকলৰ কাৰণে ১২০০০ টকা,প্ৰত্যেক মজদূৰ সকলৰ বেংকত ৫০০০ টকা,বিনামূলীয়া চাউল আৰু চেনী আদি প্ৰদান কৰাৰ পদক্ষেপ গ্ৰহণ কৰে ৷

ইফালে চাহ বাগানৰ শিক্ষিত যুৱক সকলে চাহ বাগান সমূহক বিকাশৰ পথত আগবঢ়াই লৈ যোৱাতো বিচাৰে ৷গতিকে আগন্তক নিৰ্বাচনত কংগ্ৰেছে বিজেপিৰ লগত কেনেদৰে প্ৰতিদ্বন্দিতা কৰিব সেয়া হ’ব লক্ষ্যনীয় ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com