আজি ১৬ ফ্ৰেব্ৰুৱাৰীঃচাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ১৬ ফ্ৰেব্ৰুৱাৰীঃচাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্যঃ

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা,যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে

১৯১৮ চনৰ আজিৰ দিনটোতে লিথুৱানিয়াই নিজক স্বাধীনতা ঘোষণা কৰে ৷

১৯৬৯ চনৰ আজিৰ দিনটোতে মিৰ্জা গালিবৰ ১০০ সংখ্যক পূণ্যতিথিত ডাক টিকট মঞ্জুৰী কৰে ৷

১৯৮২ চনৰ আজিৰ দিনটোতে জৱাহৰলাল নেহেৰু ইন্টাৰনেশ্যনেল গ’ল্ড কাপ ফুটবল টুৰ্নামেন্টৰ আয়োজন প্ৰথমবাৰৰ কাৰণে কলকাত্তাত কৰে ৷

১৯৮৬ চনৰ আজিৰ দিনটোতে মেৰিঅ’ চোৰেচ পৰ্তুগালৰ প্ৰথম অসৈনিক ৰাষ্ট্ৰপতি হয়।

২০০১ চনৰ আজিৰ দিনটোতে ইৰাকৰ ওপৰত আমেৰিকা আৰু বিট্ৰিছ বিমানে আক্ৰমণ কৰে ৷

২০০৮ চনৰ আজিৰ দিনটোতে মধ্য প্ৰদেশৰ পাৰ্শ্ব গায়ক নিতিন মুকেশক লতা মংগেশকাৰ পুৰস্কাৰ প্ৰদান কৰে ৷

২০০৮ চনৰ আজিৰ দিনটোতে বিহাৰৰ মুখ্যমন্ত্ৰী নিতিশ কুমাৰে ৰাজ্যখনত মুখ্যমন্ত্ৰী কন্যা বিবাহ যোজনাৰ শুভাৰম্ভ কৰে ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা ,যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৭৪৫ চনৰ আজিৰ দিনটোতে মৰাঠা সামাজ্যৰ চতুৰ্থ পেচোৱা থোৰলে মাধৱৰাওৰ জন্ম হৈছিল।

হিন্দীৰ সুপ্ৰসিদ্ধ কবি,সাহিত্যকাৰ আৰু লেখক সুৰ্যকান্ত ত্ৰিপাঠী নিৰালা জন্ম হৈছিল ১৮৯৬ চনৰ আজিৰ দিনটোতে ৷

১৮২২ চনৰ আজিৰ দিনটোতে ভাৰত বিদ্যাৰ লগত সম্বন্ধিত বিষয়ৰ প্ৰখ্যাত বিদ্ধান ৰাজেন্দ্ৰ লাল মিত্ৰাৰ জন্ম হৈছিল ৷

১৯৭৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেটাৰ ৱছীম জাফাৰৰ জন্ম হৈছিল ৷

১৯৩৭ চনৰ আজিৰ দিনটোতে আন্তঃৰাষ্ট্ৰীয় প্ৰসিদ্ধ চিত্ৰকাৰ,লেখক তথা কলা সমালোচক গুলাম মহম্মদ শেখৰৰ জন্ম হৈছিল ।

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা:

১৯৪৪ চনৰ আজিৰ দিনটোতে হিন্দী চিনেমাৰ প্ৰসিদ্ধ পিতামহ দাদাচাহেব ফালকেই ইহলীলা সম্বৰণ কৰে ৷

১৯৫৬ চনৰ আজিৰ দিনটোতে গণিত তথা ভৌতিক ক্ষেত্ৰৰ মহত্ত্বপূৰ্ণ কাৰ্য কৰা ভাৰতীয় বৈজ্ঞানিক মেঘনাদ সাহাই ইহলীলা সম্বৰণ কৰে ৷

২০১৬ চনৰ আজিৰ দিনটোতে সংযুক্ত ৰাষ্ট্ৰ সংঘৰ ষষ্ঠ মহাসচিব বুতৰস ঘালীয়ে ইহলীলা সম্বৰণ কৰে।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com