ইনষ্টাগ্ৰামত অনুৰাগী বৃদ্ধিৰ কাৰণে বিশেষভাৱে উৎফুল্লিত প্ৰিয়াংকা চোপ্ৰা

ইনষ্টাগ্ৰামত অনুৰাগী বৃদ্ধিৰ কাৰণে বিশেষভাৱে উৎফুল্লিত প্ৰিয়াংকা চোপ্ৰা

বলীউড তথা হলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা জ’নাছৰ ইনষ্টাগ্ৰামত হ’ল ৪ কোটি অনুৰাগী ৷ এই খবৰটো প্ৰিয়াংকাই অনুৰাগীসকলক দি এটি ভিডিঅ’ৰ জৰিয়তে ধন্যবাদ জনাইছে অনুৰাগীক ৷ ভিডিঅ’টোৰ লগত প্ৰিয়ংকাৰ এটি বাৰ্তা অনুৰাগীলৈ প্ৰেৰণ কৰিছে ৷ বাৰ্তাটোত লিখিছে Big shoutout to my instafan.You guys have my heart.sending love and gugs to each one of you for being a part of my journey.I love you all.40 MillionStorng#PCManiacs .

https://www.instagram.com/p/BxdEKMUn8gG/

ইফালে বলীউডৰ আন এগৰাকী অভিনেত্ৰী দীপিকা পাডুকনক চেৰ পেলাই আগবাঢ়ি গ’ল প্ৰিয়ংকা চোপ্ৰা, কাৰণ দীপিকা আছে ৩কোটি ৫ লাখ অনুৰাগী ৷ ইয়াৰ উপৰি আলিয়া ভাট্টৰ আছে ৩ কোটি অনুৰাগী। গতিকে প্ৰিয়াংকা চোপ্ৰাই এই সাফল্য যথেষ্ট আনন্দ প্ৰকাশ কৰিছে ৷

ইফালে শেহতীয়াকৈ প্ৰিয়াংকাক দেখা গৈছিল মেট গালা মহোৎসৱত ৷ প্ৰিয়াংকা চোপ্ৰাই গ্ৰে,হালধীয়া আৰু পিংক ৰঙৰ গাউন চোপাৰ্ড ব্ৰেণ্ডত জুৱেলাৰী আৰু এটা ক্ৰাউন পৰিধান কৰি আছিল ৷ প্ৰিয়াংকা চোপ্ৰাৰ লুক ২০১০ চনত মুক্তি প্ৰাপ্ত ছবি এলিছ ইন ৱউনণ্ডাৰলেণ্ডৰ দ্বাৰা প্ৰভাৱিত হৈছিল ৷ইফালে বগা চ্যুট পৰিধান কৰি প্ৰিয়াংকাৰ লগত দেখা গ’ল প্ৰিয়াংকাৰ স্বামী নিক জ’নাছক । অন্যহাতে প্ৰিয়াংকা চোপ্ৰাই মেটগালাৰ লুক ছ’চিয়েল মিডিয়াত অনুৰাগীলৈ বুলি আগবঢ়াইছিল ৷

কিন্তু ইয়াৰ জৰিয়তে যথেষ্ট চৰ্চাৰ সন্মুখীন হয় প্ৰিয়াংকা চোপ্ৰা ৷ কিন্তু প্ৰিয়াংকা চোপ্ৰাৰ মেটগালাত এই লুক নতুন নহয় ৷পূৰ্বতেও মেট গালাত উপস্থিত হৈছে প্ৰিয়াংকা চোপ্ৰা। নিক জ’নাছৰ লগত বিয়াৰ পিছত একেলগে মেটগালাত উপস্থিত হৈছে প্ৰিয়াংকা ৷২০১৭ আৰু ২০১৯ চনত মেটগালা ইভেন্টত অংশ লৈছিল প্ৰিয়াংকই ৷ উল্লেখ্য যে ২০১৭ চনত নিক জ’নাছ প্ৰথমবাৰৰ মেটগালাত উপস্থিত হয় আৰু তাতেই প্ৰিয়াংকাৰ সৈতে প্ৰথম মিলিত হৈছে নিক। ইফালে প্ৰিয়াংকা নিকৰ লগতে মেটগালাত উপস্থিত হয় বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকন ৷

দীপিকা পাডুকনৰ লুকও এইবাৰ মেটগালা ইভেন্টত চৰ্চা লাভ কৰিছে ৷দীপিকা পিংক ৰঙৰ এটি ড্ৰেছত মেট গালাত উপস্থিত হয় ।অভিনেত্ৰী গৰাকীক কোনো পৰীতকৈ কম লগা নাছিল ৷ দীপিকা পাডুকন সম্প্ৰতি ব্যস্ত আছে ছ’পাক ছবিৰ দৃশ্য গ্ৰহণত ৷নিজৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা সময় উলিয়াই দীপিকা উপস্থিত হয় নিউয়ৰ্কত ৷ছ’পাৰ ছবিৰ কাৰণে দীপিকাই অত্যন্ত সাধাৰণ ভাৱেই মেটগালত পদাৰ্পন কৰে ৷

কষ্টিউম ইনষ্টিউড গালাক মেট গালা বুলি কোৱা হয় ।নিউয়ৰ্ক চহৰত মেট্ৰ’পলিটন মিউজিয়াম অফ আৰ্ট কষ্টিউম ইনষ্টিউডৰ এক বাৰ্ষিক সমাৰোহ মেট গালা ৷ এই সমাৰোহত প্ৰসিদ্ধ ডিজাইনাৰ,অভিনেতা,অভিনেত্ৰী আৰু গায়ক সকল দেখা যায়। উল্লেখ্য যে বলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰা আৰু দীপিকা পাডুকনৰ উপৰিও এই সমাৰোহত উপস্থিত থাকে গায়িকা লেডী গাগা,লেডী গাগা,চেলিন দিঅ’ন আদি ৷ সম্প্ৰতি প্ৰিযাংকা চোপ্ৰা সাজু হৈছে কেন্চ মহোৎসৱলৈ ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com