এটিএম লাইটৰ পোহৰত দৰিদ্ৰ ল'ৰা-ছোৱালীক শিক্ষা প্ৰদান,এজন চিকিউৰিটী গাৰ্ডৰ প্ৰচেষ্টা

এটিএম লাইটৰ পোহৰত দৰিদ্ৰ ল'ৰা-ছোৱালীক শিক্ষা প্ৰদান,এজন চিকিউৰিটী গাৰ্ডৰ প্ৰচেষ্টা

শিক্ষা হৈছে জীৱন-যোৰা প্ৰচেষ্টা । শিক্ষাই কোনো ধনী-দুখীয়াৰ মাজত প্ৰভেদৰ সৃষ্টি নকৰে । ই সকলোকে সমনতা প্ৰদান কৰাৰ লগতে ব্যক্তি সকলক নিজৰ ভৰিত থিয় দিবলৈ নাইবা জীৱনত প্ৰতিষ্ঠিত হ'বলৈ সহায় কৰে ।

উত্তৰাখণ্ডৰ ৰাজধানী দেহৰাদুনৰ এটা এটিএমে আজি কিছুদিনৰ পৰা চ'চিয়েল মিডিয়াত চৰ্চিত হয় আছে । আপুনি নিশ্চয় আচৰিত হৈছে যে,এটা এটিএম কি কাৰনৰ বাবে চ'চিয়েল মিডিয়াৰ যোগেদি চৰ্চাৰ মাজলৈ আহিছে । ইয়াৰ অন্তৰালত থকা কাৰনটো অতি সুন্দৰ । এটিএমত চিকিউৰিটী গাৰ্ডৰ চাকৰি কৰা বিজেন্দ্ৰ সিং হৈছে আজিৰ কাহিনীভাগৰ মুল হিৰ' তথা নায়ক । বিজেন্দ্ৰ এগৰাকী সাধাৰন গাৰ্ড কিন্তু তেওঁৰ প্ৰচেষ্টা ইমানে শক্তিশালী যে সমাজৰ বাবে ই কোনো মিচাইলতকৈ কম নহয় ।

ভাৰতীয় সেনা বিভাগৰ পৰা অৱসৰ গ্ৰহন কৰা পিছত ৬৭ বছৰীয়া বিজেন্দ্ৰ সিঙে বৰ্তমান এটা এটিএমত চাকৰি কৰে । গঢ়বাল ৰাইফল ৰেজিমেণ্টত কাম কৰাৰ সময়তো দেশৰ বাবে সেৱা আগবঢ়াইছিল আৰু বৰ্তমানেও তেওঁ নিজৰ নতুন প্ৰচেষ্টাত সমাজৰ প্ৰতি আগবঢ়াই আহিছে । তেওঁ এটিএমৰ বাহিৰত নিজৰ সেৱা প্ৰদান কৰি দৰিদ্ৰ ল'ৰা-ছোৱালী সকলক শিক্ষা প্ৰদান কৰে । গাৰ্ডৰ চাকৰি কৰি থকা সময়ত তেওঁ চিন্তা কৰে যে,এই সময়খিনিতে তেওঁ দুখীয়া আৰু প্ৰয়োজনীয় ল'ৰা-ছোৱালীক শিক্ষা প্ৰদান কৰিব পাৰে ।

কিছু বছৰৰ পূৰ্বে স্থানীয় সংবাদ মাধ্যমৰ জৰিয়তে এই কথা মানুহৰ মাজলৈ আহিছিল কিন্তু অলপতে ক্ৰিকেট খেলুৱৈ বিবিএছ লক্ষ্মনে কৰা টুইটৰ জৰিয়তে বিজেন্দ্ৰ সিং পুনৰ চৰ্চাৰ বিষয় হৈ পৰিল ।

https://twitter.com/VVSLaxman281/status/1032889538484625408?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed&ref_url=https%3A%2F%2Fwww.kenfolios.com%2Fpage%2Fview-post%3Fid%3D289%26fbclid%3DIwAR1W4FRNxaNosMT_NcwFLW9T95DfRstu1lYdSCArc3Y5ZSsFhJdtzx48NHE

ভাৰতীয় সেনা পদৰ পৰা অৱসৰ লৈ এটিএমৰ বাহিৰত ল'ৰা-ছোৱালীক শিক্ষা প্ৰদান কৰা ডাঙৰ কথা ।

বিজেন্দ্ৰ ইয়াৰ আগত স্কুল এখনত গাৰ্ডৰ চাকৰি কৰিছিল । স্কুলত কাম কৰা সময়তে তেওঁৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি মৰম উপজিল । বিজেন্দ্ৰই সদায় সন্ধিয়া ২ ঘণ্টাকৈ এটিএমৰ লাইটৰ পোহৰত ল'ৰা-ছোৱালীক শিক্ষা প্ৰদান কৰে আৰু ঘৰলৈ উভতে । তেওঁ বিশ্বাস কৰে যে,শিক্ষা হৈছে এনে এক বহুমুলীয়া ৰত্ন,যে যিসকলে এই শিক্ষা দান কৰাৰ সুবিধা লাভ কৰে তেওঁ পৃথিৱীৰ এজন সফল ব্যক্তি ।

ভাৰত দেশৰ দৰে ঠাইত শিক্ষাৰ পৰা বঞ্চিত ল'ৰা-ছোৱালীৰ সংখ্যা ১.১১কোটি । এনে পৰিস্থিতিত বিজেন্দ্ৰ দৰে লোকৰ প্ৰচেষ্টাত শিক্ষাৰ পৰা বঞ্চিত হোৱা ল'ৰা-ছোৱালীৰ বাবে ডাঙৰ সহায় ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com