ঐতিহাসিক, লোকসভাত গৃহীত কৰা হ'ল তিনি তালাক বিধেয়ক

ঐতিহাসিক, লোকসভাত গৃহীত কৰা হ'ল তিনি তালাক বিধেয়ক

বৃহস্পতি বাৰে ভাৰতৰ লোকসভাত গৃহীত কৰা হ'ল ঐতিহাসিক তিনি তালাক বিধেয়ক। লোকসভাত গৃহীত হোৱা মুছলমান মহিলা সকলৰ (বিবাহৰ নিৰাপত্তা অধিকাৰ)বিধেয়ক-২০১৮ ৰ যোগেৰে মুছলমান মহিলা সকলক গীৰিয়েকে তিনিবাৰ তালাক তালাক বুলি কৈ বিচ্ছেদ দিব পৰা তাৎক্ষণিক ব্যৱস্থাক অবৈধ হিচাপে ঘোষণা কৰি আইন মতে দণ্ডণীয় বুলি কয়।এতিয়াৰে পৰা তিনি তালাক দিয়া ব্যক্তি সকলক তিনি বছৰ জেল আৰু জৰিমনা বিহা হব। লোকসভাত চৰকাৰী আৰু বিৰোধী উভয় পক্ষৰ মাজত চলা চাৰি ঘন্টাজোৰা বিতৰ্কৰ অন্তত অধ্যাদেশৰ জৰিয়তে তিনি তালাক বিধেয়ক গৃহীত কৰা হয়।

তিনি তালাক বিধেয়ক সন্দৰ্ভত সংসদৰ যুতীয়া সমিতিক বিষয়টো হস্তান্তৰ কৰাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তক বিধেয়কখন সন্দৰ্ভত উভয় পক্ষৰ ভোট গ্ৰহণৰ পূৰ্বেই কংগ্ৰেছ আৰু এআইডিএমকে দলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰে। লোকসভাত গৃহীত হোৱা তিনি তালাক বিধেয়কৰ পিছতেই তিনি তালাকক বিচাৰ্য অপৰাধ বুলি গ্ৰহণ কৰা হব, এই বিষয়ত বিচাৰ কৰি তিনি বছৰ পৰ্য্যন্ত জেল আৰু জৰিমণা বিহা হব। এই অপৰাধ তেতিয়াহে বিচাৰ কৰা হব যেতিয়া ভূক্তভোগী মহিলা গৰাকীয়ে তিনিবাৰ তালাক বুলি কৈ তালাক দিয়া গীৰিয়েক জনৰ বিৰুদ্ধে প্ৰয়োজনীয় তথ্য প্ৰদান কৰিব। মহিলা গৰাকীৰ বাহিৰেও মহিলা গৰাকীৰে তেজৰ সম্পৰ্ক থকা আন যিকোনো পৰিয়ালৰ ব্যক্তিয়েও এই সন্দৰ্ভত গোচৰ তৰিব পাৰিব। জম্মু কাশ্মীৰৰ বাহিৰে ভাৰত বৰ্ষৰ সকলো ৰাজ্যৰ কাৰণে এই আইন কাৰ্য্যকৰী হব। লোকসভাত কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে বিধেয়ক খন গৃহীত হোৱাৰ পূৰ্বে বিধেয়ক গৃহীত কৰাৰ সন্দৰ্ভত এক শক্তিশালী আবেদন প্ৰদান কৰি কয় যে তিনি তালাক বিধেয়কক ৰাজনীতিৰ পৰা মুক্ত কৰিব লাগে। এই বিধেয়ক মুছলমান মহিলা সকলৰ নৈতিক অধিকাৰ। আইন মন্ত্ৰী গৰাকীয়ে কয় যে তিনি তালাক বিধেয়ক অতিসীঘ্ৰে বন্ধ কৰিব লাগে আৰু এই ক্ষেত্ৰত কঠোৰ আইন প্ৰনয়ণ কৰা হব।

২০১৮ চনৰ জানুৱাৰী মাহৰ পৰা ডিচেম্বৰৰ ১০ তাৰিখৰ ভিতৰত দেশত প্ৰায় ৪৭৭ টা তিনি তালাক সম্বন্ধীয় গোচৰ দৃষ্টি গোচৰ হৈছে। আনকি কালিও হাইদৰাবাদত এই সম্বন্ধীয় এটা গোচৰ পোহৰলৈ আহিছে। কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে কয় যে ইতিমধ্যে বহু কেইখন ইছলামিক দেশত তিনি তালাকক অবৈধ বুলি ঘোষণা কৰা হৈছে গতিকে ভাৰতৰ দৰে এখন গণতান্ত্ৰিক দেশত কিয় তিনি তালাকক অপৰাধ হিচাপে চিহ্নিত কৰিব নোৱাৰে। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে তিনি তালাক বিধেয়ক খনক ৰাজনৈতিক দৃষ্টিকোনৰ পৰা চাব নালাগে। এইখন সদনেই ধৰ্ষণ কাৰীক ফাঁচী দিয়াৰ আদেশ গৃহীত কৰিছে, যৌতুক আৰু গৃহ হিংসাৰ বিৰুদ্ধেও এই খন সদনেই সিদ্ধান্ত দিছে গতিকে কিয় আমি সমস্বৰে এই অবৈধ তিনি তালাকৰ বিৰোধিতা কৰিব নোৱাৰো। প্ৰসাদে আকৌ কয় যে চৰকাৰে তিনি তালাক বিধেয়ক সন্দৰ্ভত মুক্ত মনে কাম কৰিছে আৰু সম্পুৰ্ণ নিৰপেক্ষ হৈ সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। লোকসভাত ডিচেম্বৰ মাহতে তিনি তালাক বিধেয়ক গৃহীত কৰা হৈছিল কিন্তু ৰাজ্যসভাত এতিয়াও এই বিধেয়ক গৃহীত কৰা হোৱা নাই। চলিত মাহৰ প্ৰথমতে লোকসভাত নতুন তিনি তালাক বিধেয়ক উত্থাপন কৰা হৈছিল আৰু ২০১৭ চনৰ পুৰণি বিধেয়ক খন প্ৰত্যাখান কৰা হৈছিল।

ইতিমধ্যে তিনি তালাকক নিষিদ্ধ ঘোষণা কৰা কেইখনমান দেশ হৈছে পাকিস্তান, বাংলাদেশ, তুৰ্কী, চাইপ্ৰাছ, টিউনিচিয়া, আলজেৰিয়া, ইৰাণ, শ্ৰীলংকা, জৰ্দান, ইণ্ডোনেচিয়া, কাটাৰ, ইজিপ্ত, ইৰাক,মালেচিয়া ইত্যাদি।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com