কপিল শৰ্মাৰ বিশেষ পদক্ষেপত শলাগ লৈছে সকলোৱে: কিন্তু কি এই পদক্ষেপ ?

কপিল শৰ্মাৰ বিশেষ পদক্ষেপত শলাগ লৈছে সকলোৱে: কিন্তু কি এই পদক্ষেপ ?

বলীউডত চলিত বৰ্ষত হৈ গ’ল বহু কেইখন বিয়া ৷কিন্তু তাৰ মাজত সম্প্ৰতি নৱ বিবাহিত কপিল শৰ্মা আৰু গিন্নী চতৰথে চৰ্চা লাভ কৰিছে অনুৰাগীসকলৰ মাজত ৷ কাৰণ নব বিবাহিত কপিল শৰ্মাই বিয়াৰ ৰিচিপচনত থকা খাদ্য ড’নেট কৰে ৷ কপিল শৰ্মাৰ এই কাৰ্যত শলাগ লৈছে সকলোৱে৷ এক সূত্ৰৰ খবৰ অনুসৰি NGO ৰ এটা সংস্থাই কপিলৰ লগত যোগাযোগ কৰে আৰু কয় যে যদি গ্ৰেণ্ড ৱেডিংৰ পিছত যদি খাদ্য থাকি যায়৷তেতিয়া সেই খাদ্যসমূহ নষ্ট নকৰি সেই NGO টোক দি দিয়ে ৷যাতে NGO টোৱে সেই খাদ্য খিনি প্ৰয়োজন সাপেক্ষে বৰ্তাই দিব পাৰে । NGO টোৰ এই কথাত কপিলে লগে লগে সন্মতি প্ৰদান কৰে৷ লগে লগে, NGO টোৱে জলন্ধৰ, অমৃতসৰৰ বিভিন্ন ঠাইত বৰ্তাই দিয়ে খাদ্যসমূহ ৷

ইফালে, NGO টোৰ এজন বিষয়াই কয় যে কপিল শৰ্মাই নিজৰ বিয়াৰ পাৰ্টিৰ খাদ্যসমূহ নষ্ট নকৰি সংৰক্ষণ কৰি সেই খাদ্যসমূহ যাক প্ৰয়োজন সেইজনক যোগান ধৰি অন্য এজন কাৰণে প্ৰেৰণাদায়ক কাম কৰিছে ৷ লগতে কপিল শৰ্মাৰ এই পদক্ষেপক যাতে দেশৰ জনসাধাৰণে সহাঁৰি জনাই তাৰ কাৰণে আশা প্ৰকাশ কৰে NGO টোৰ কৰ্মী জনায় ৷ উল্লেখ্য যে,দীপিকা পাডুকন-ৰনৱীৰ সিং,প্ৰিয়াংকা চোপ্ৰা নিক জোন্সৰ পিচত জনপ্ৰিয় কমেডীয়ান কপিল শৰ্মাৰ বিয়া অনুষ্ঠিত হৈছিল ১২ ডিচেম্বৰত ৷

গাৰ্লফেণ্ড গিন্নী চতৰথ লগত বিবাহ সম্পন্ন হয় কপিল শৰ্মাৰ । সম্প্ৰতি দুয়োজনৰে বিয়াৰ ফ’টো ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত ৷ সেউজীয়া আৰু সোনালী ৰং মিশ্ৰিত শ্বেৰৱানী,মূৰত পাগুৰি, হাতত পৰম্পৰাগত ভাৱে লোৱা তৰোৱাল আদিৰে অত্যন্ত সুন্দৰ দেখাইছিল কপিল শৰ্মাক ৷ অন্যহাতে, গিন্নী চতৰথক ৰেড আৰু সোনালী বৰণ মিশ্ৰিত ৰঙৰ লেহেংগাত অত্যন্ত অতি সুন্দৰ লাগিছিল কপিল শৰ্মাৰ গাৰ্লফ্ৰেণ্ড তথা হ’বলগীয়া পত্নীক ৷ ইফালে, বিয়াৰ পিছত কপিল শৰ্মাই অনুষ্ঠিত কৰিছে বিয়াৰ পাৰ্টি ৷

প্ৰথমটো গ্ৰেণ্ড পাৰ্টি ১৪ ডিচেম্বৰত অমৃতসৰত অনুষ্ঠিত হৈছিল ৷ এই পাৰ্টিটোত উপস্থিত আছিল কপিল আৰু গিন্নীৰ পৰিয়ালৰ লোকৰ লগতে তেওঁলোকৰ বন্ধু বান্ধৱীসকল ৷ দ্বিতীয়টো পাৰ্টি অনুষ্ঠিত হৈছিল মুম্বাইত ২৪ ডিচেম্বৰত ৷ এই পাৰ্টিটোত উপস্থিত আছিল বলীউডৰ বহু তাৰকা ৷ জনপ্ৰিয় কমেডীয়ান কৃষ্ণা অভিষেক,সুমনা চক্ৰৱৰ্তী,ভাৰতী সিং,আৰতী সিং,ৰাজীৱ ঠাকুৰ,গায়িকা ৰিচ্ছা শৰ্মা আদি কৰি বহু বি টাউন তাৰকা উপস্থিত আছিল কপিল শৰ্মাৰ বিয়াত ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com