কৰিমগঞ্জ ৰাইজে কৰায়ত্ত কৰিলে ড্ৰাগছ ব্যৱসায়ীক

কৰিমগঞ্জ ৰাইজে কৰায়ত্ত কৰিলে ড্ৰাগছ ব্যৱসায়ীক

কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাৰত- বাংলা সীমান্তৰ ঝড়লা গাঁৱত স্থানীয় ৰাইজে আটক কৰিলে এটা কুখ্যাত ড্ৰাগছ ব্যবসায়ী ।

ড্ৰাগছ ব্যবসায়ীটোৰ নাম আবুল হুছেইন বুলি জানিব পৰা গৈছে। ধৃত ড্ৰাগছ ব্যবসায়ীটোৱে যোৱা বহুদিন ধৰি সমগ্ৰ অঞ্চলটোত অবৈধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ।

শুকুৰবাৰে ৰাতি স্থানীয় ৰাইজে অভিযান চলাই ড্ৰাগছ ব্যৱসায়ীটোক উত্তম-মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে । ব্যৱসায়ীটোৰ পৰা ২২ টেমা অবৈধ ব্ৰাউন চুগাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে ইতিমধ্যে অধিক তথ্যৰ বাবে সোধা-পোচা আৰম্ভ কৰিছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com