চাওঁ আহক : স্বাস্থ্যৰ ক্ষেত্ৰত কিমান সচেতন সৰু পৰ্দাৰ ষ্টাৰসকল ?

চাওঁ আহক : স্বাস্থ্যৰ ক্ষেত্ৰত কিমান সচেতন সৰু পৰ্দাৰ ষ্টাৰসকল ?

বি টাউনেই হওঁক বা সৰু পৰ্দাই হওঁক সকলো চেলিব্ৰেটী সদায় ফিটনেছ হৈ থাকিব বিছাৰে ৷ নিজৰ শৰীৰক লৈ এই সকল ষ্টাৰ সদায়েই এক্টিভ ৷ সম্প্ৰতি সৰু পৰ্দাৰ অভিনেতা অভিনেত্ৰীসকলে শৰীৰটোক আটিল কৰাৰ সন্দৰ্ভত মনৰ কথা ব্যক্ত কৰিছ ৷ চাওঁ আহক তেওঁলোকৰ মনৰ বতৰা ৷

শৰদ মালহোত্ৰা

এষাৰ কথা আছে স্বাস্থ্যই পৰম ধন ৷ সাম্প্ৰতিক সময়ত ব্যস্ততাপূৰ্ণ জীৱনত আমি সকলোৱে স্বাস্থ্যৰ প্ৰতি গুৰুত্ব প্ৰদান কৰাটো অতি প্ৰয়োজন ।শৰদ মালহোত্ৰাৰ স্বাস্থ্যৱান শৰীৰৰ মূলমন্ত্ৰ হৈছে ঘৰুৱা খাদ্য,ব্যায়াম আৰু চিন্তাৰ পৰা আঁতৰি থকাৰ কাৰণে কৰা চেষ্টা ৷ শান্ত মন তথা শৰীৰে আপোনাক শাৰীৰিক ভাৱেই নহয় মানসিকভাৱেও স্বাস্থ্যবান কৰি ৰাখিব ৷

শিবিংগ নাৰংগ

শিবিংগ নাৰংগৰ স্বাস্থ্যৱান শৰীৰৰ মূলমন্ত্ৰ সকৰাত্মক ভাৱ৷ লগতে মগজুৰ ওপৰত ইমান হেচাঁ প্ৰযোগ কৰিব নালাগে যে শৰীৰটোৱে ভাগৰুৱা অনুভৱ কৰে। মগজুক হেছাঁ প্ৰযোগ নকৰাৰ লগতে নিজকে কেতিয়াও ভোকত ৰাখিব নালাগে ৷ উপযুক্ত পৰিমাণে খাওঁক আৰু স্বাস্থ্যৱান হওঁক ৷

টীনা দত্তা

অভিনেত্ৰী টিনা দত্তাই কয় যে মই নিজকে হাইড্ৰেট ৰাখো ৷ আৰু মছলাজাতীয় খাদ্যৰ পৰা আঁতৰি থাকোঁ ৷ স্বাস্থ্যৱান জীৱনৰ কাৰণে স্বাস্থ্যৱান জীৱন শৈলীৰ আৱশ্যকতা আছে ৷ যেতিয়াই মই সময় পাওঁ তেতিয়াই মই জীম যাওঁ আৰু এক্টিভ থাকিবলৈ চেষ্টা কৰোঁ ৷

ডেলনাজ ইৰানী

অভিনেত্ৰী ডেলনাজ ইৰানীৰ মন্তব্য অনুসৰি সকৰাত্মক থকা,সুখী হোৱা,আদিৰে মই সুস্বাস্থ্যবান ৰূপে থাকিবলৈ চেষ্টা কৰোঁ ৷

আদা খান

সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী আদা খানৰ মন্তব্য অনুসৰি মই নিয়মিত ৰূপে যোগা কৰোঁ ৷ যোগাই মোক নিয়মিত ৰূপত শান্তি ৰখাত সহায় কৰে। লগতে সকৰাত্মক দৃষ্টি ভংগীৰে জীৱন অতিবাহিত কৰিবলৈ সহায় হয় । লগতে সময়মতে শোৱা আৰু জিৰণি লোৱাও স্বাস্থ্যবান জীৱনৰ চাবিকাঠী ৷

মোহম্মদ নাজিম

সৰু পৰ্দাৰ অভিনেতা মহম্মদ নাজিমে কয় যে মই বহুত ব্যায়াম কৰো ৷আৰু মই বহুত খাদ্য গ্ৰহণ কৰোঁ ৷সেয়েহে মই ব্যায়ামৰ জৰিয়তে সকলো চৰ্বি নিঃশেষ কৰিবলৈ চেষ্টা কৰো ৷

শুভবী চৌকসী

কছোটি জিন্দেগী কী জনপ্ৰিয় অভিনেত্ৰী শুভবীয়ে কয় যে সকলো দিনতেই বিভিন্ন ধৰণে ব্যায়াম কৰিব পাৰে ৷ সেয়া জিমতেই হওঁক বা নৃত্যৰ জৰিয়তেই হওক ৷ কিন্ত স্বাস্থ্যৱান থাকিবলৈ ব্যায়াম,বা অন্যান্য বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াসমূহৰ লগতে সুখী থাকিবলৈ সদায় যত্ন কৰিব লাগে ৷

জেশমীন ভসীন

অভিনেত্ৰী জেশমীনে কয় যে মই বহুত খাদ্য গ্ৰহণ কৰোঁ ৷ বিভিন্ন ধৰণৰ খাদ্য গ্ৰহণ কৰি মই ভাল পাওঁ ৷ কিন্তু মই কেতিয়াও ব্যায়াম কৰিবলৈ নাপাহৰো। স্বাস্থ্যৱান জীৱনৰ কাৰণে আপুনি যাতে বেছি খাদ্য গ্ৰহণ নকৰে আৰু আপোনাৰ স্বাস্থ্যত যাতে ইয়াৰ প্ৰভাৱ নপৰে সেই কথা মনত ৰাখিব লাগে ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com