'চিচোড়ে' ছৱিৰ প্ৰথম লুক; বয়োজ্যেষ্ঠ নাগৰিকৰ ৰূপত শ্ৰদ্ধা আৰু সুশান্ত সিং ৰাজপুত

'চিচোড়ে' ছৱিৰ প্ৰথম লুক; বয়োজ্যেষ্ঠ নাগৰিকৰ ৰূপত শ্ৰদ্ধা আৰু সুশান্ত সিং ৰাজপুত

ৰাজকুমাৰ ৰাও আৰু চাহিদ কাপুৰৰ পিছত শ্ৰদ্ধাক দেখা পোৱা যাব সুচান্ত সিং ৰাজপুতৰ সৈতে 'চিচোড়ে' ছবি খনত । এইখন প্ৰথম খন ছবি হ'ব য'ত শ্ৰদ্ধা আৰু সুশান্ত সিং ৰাজপুতক একেলগে দেখা পোৱা ।ছবি খনৰ প্ৰথম পোষ্টাৰ খন প্ৰকাশ পাইছে ।ইনষ্টাগ্ৰামৰ জৰিয়তে শ্ৰদ্ধাই প্ৰকাশ কৰিছে ছবি খনৰ পোষ্টাৰৰ ফটো ।

https://www.instagram.com/p/Bos9ZN1F_a5/?hl=en&taken-by=shraddhakapoor

ছবি খনত ৭জন অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে তাৰে ভিতৰত সুশান্ত সিং ৰাজপুত,শ্ৰদ্ধা,বৰুন আদি । পোষ্টাৰ খনত দেখা পোৱা অনুসৰি জ্যেষ্ঠ আৰু সৰুকালৰ দুটা ৰূপতে দেখা পোৱা গৈছে । ইয়াৰোপৰি ছবি খনত প্ৰতীক বাব্বাৰও আছে । যি হওক পোষ্টাৰ খনে ছবি খনৰ কাহিনীভাগৰ বহু বেছি একো আভাস নাই দিয়া যদিও পোষ্টাৰ খনে কিছু কথাৰ আভাস দিবলৈ সক্ষম হৈছে । পোষ্টাৰ খনত দেখা পোৱা অনুসৰি বয়োজ্যেষ্ঠ সকলে সৰু সকলক তেওঁলোকৰ 'চিচোড়ে' কথা নাইবা কাহিনী সমূহৰ আগত প্ৰকাশ কৰিছে । ছবি খনৰ পোষ্টাৰ খনত এটা টেগ লাইনো আছে " কুত্তে কি ডুম,টেৰী কৰ টেৰী" ।

ছবি খনৰ নিৰ্দেশক 'ডংগল' ছবিৰ নিতেশ তিৱাৰী ।ছবি খন মুক্তি পাব অহা বছৰৰ আগষ্ট মাহত । ছবি খনৰ পৰিচালক চাজিদ নাদিয়াৱালা আৰু পৰিৱেশন কৰিছে ফক্স ষ্টুডিঅ'ত ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com