চিবিআইৰ বিশেষ আদালতত উপস্থিত ৩০/১০ ৰ অভিযুক্ত ৰঞ্জন দৈমাৰী

চিবিআইৰ বিশেষ আদালতত উপস্থিত ৩০/১০ ৰ অভিযুক্ত ৰঞ্জন দৈমাৰী

আজি চিবিআইৰ বিশেষ আদলতে ঘোষণা কৰিব ৩০/১০ ত সংঘটিত বোমা বিস্ফোৰণত অভিযুক্ত ৰঞ্জন দৈমাৰীৰ লগতে ১৪ জন অভিযুক্তৰ শাস্তিৰ ম্যাদ ৷ইতিমধ্যে কেন্দ্ৰীয় কাৰগাৰৰ পৰা চিবিআইৰ বিশেষ আদালতত উপস্থিত কৰোৱা হৈছে অভিযুক্ত তথা এন ডি এফ বিৰ নেতা ৰঞ্জন দৈমাৰীক ৷এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰা বোমা বিস্ফোৰণত আহত আৰু নিহত সকলে উচিত শাস্তিৰ দাবী কৰিছে ৰঞ্জন দৈমাৰী সহ ১৪ জন অভিযুক্তৰ৷

ইফালে সুদীৰ্ঘ ১০ বছৰ অতিক্ৰম কৰি যোৱাৰ পিছত অৰ্থাৎ ২০০৮ চনৰ ৩০ অক্টোবৰতে সংঘটিত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ লোৱা সিদ্ধান্তত উৎসুক জনসাধাৰণ ৷ চি বি আইৰ বিশেষ আদালতে এন ডি এফ বি (NDFB) অৰ্থাৎ নেশ্যনেল ডেম’ক্ৰেটিক ফ্ৰ’ন্ট অ’ফ বৰোলেণ্ডৰ নেতা ৰঞ্জন দৈমাৰী আৰু দৈমাৰীৰ সহযোগীসকলক আই পি চি ধাৰা ১২০(B),১২১,১২২,১২৩ আৰু ৩০২ ৰ অধীনত দোষী সাব্যস্ত কৰিছিল ২৮ জানুৱাৰীত৷

উল্লেখ্যযোগ্য যে,২০০৮ চনৰ ধাৰাবাহিক বোমা বিস্ফোৰণত বহু নিৰীহৰ তেজেৰে ৰাঙলী হৈছিল গুৱাহাটী,কোকৰাঝাৰ, বঙাইগাওঁ,বৰপেটাৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চল ৷এই ধাৰাবাহিক বিস্ফোৰণত বহুজনে প্ৰান হেৰুৱাৰ লগতে হেৰুৱাইছিল নিজৰ পৰিয়াল প্ৰিয় জনক ৷লগতে ঘূনীয়া হৈছিল সমগ্ৰ জীৱনটোৰ কাৰণে ৷ ধাৰাবাহিক বিষ্ফোৰণে প্ৰাণ লৈছিল প্ৰায় ৮৮ জন নিৰ্দোষীলোকৰ ৷আৰু ঘূণীয়া হৈছিল প্ৰায় ৫৮০ জন লোক।

অধিক খবৰৰ বাবে পঢ়ক : ব্ৰেকিং নিউজ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com