জাহ্নৱীক পৰবৰ্ত্তী সময়ত দেখা পোৱা যাব বৰুন ধাৱনৰ সৈতে

জাহ্নৱীক পৰবৰ্ত্তী সময়ত দেখা পোৱা যাব বৰুন ধাৱনৰ সৈতে

জাহ্নৱী কাপুৰ বৰ্তমান অতি চৰ্চিতত থকা এগৰাকী অন্যতম অভিনেত্ৰী । প্ৰতিসময়তে চ'চিয়েল মিডিয়া নাইবা ইণ্টাৰনেটত ভাইৰেল হোৱা ভিন্ন ফটো,ভিডিঅই', এই কথাৰ প্ৰমান কৰে ।

নিৰ্দেশক শশাংক খেইতানৰ ছবি "ধড়ক" ছবি খন হৈছে জাহ্নৱীৰ প্ৰথম খন ছবি । মাৰাঠী ছবিৰ "চাইৰাট"ৰ ৰিমেক "ধড়ক" ছবিৰ সাফল্যৰ পিছত এইবাৰ জাহ্নৱীক দেখা পোৱা যাব অন্য চৰিত্ৰত অন্য এখন ছবিত । প্ৰথক খন ছবিত জাহ্নৱীৰ বিপৰীতে অভিনয় কৰিছিল ঈশান খাটাৰে কিন্তু জানিব পোৱা মতে এইবাৰ জাহ্নৱীক দেখা পোৱা যাব বৰুন ধাৱনৰ সৈতে ।

এইবাৰৰ ছবি খনো শশাংক খেইটানৰ নিৰ্দেশন । আৰু তেওঁ সঠিক ভাৱে মত প্ৰকাশ কৰি কয় যে এইবাৰৰ প্ৰজেক্ট অৰ্থাৎ ছবি খনত অভিনয় কৰিব বৰুন ধাৱনে । বৰ্তমান তেওঁ ছবি খনৰ স্ক্ৰিপ্টৰ কামৰ সৈতে ব্যস্ত হৈ আছে । জানিব পৰা তথ্যানুসৰি জাহ্নৱীক বেলেগ বেলেগ চৰিত্ৰত দেখা পোৱা যাব আৰু এক্সনৰ চৰিত্ৰ ওপৰত অভিনয় কৰিব বুলিও জানিব পোৱা গৈছে ।

আনহাতে জাহ্নৱীক "টখত" ছবি খনত ৰনবীৰ সিঙ,আলিয়া ভট্ট,কৰিনা কাপুৰ খান,অনিল কাপুৰ,ভূমি পেডনেকাৰ আৰু বিকি কুশালৰ সৈতে দেখা পোৱা যাব ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com