জিৰ': জন্মদিনৰ দিনাই মুক্তি পালে ট্ৰেইলাৰ

জিৰ': জন্মদিনৰ দিনাই মুক্তি পালে ট্ৰেইলাৰ

বলীউডৰ 'কিং খান' শ্বাহৰুখ খানে নিজৰ জন্মদিনৰ দিনাই নতুনকৈ আহিবলগীয়া ছবি 'জিৰ'ৰ ট্ৰেইলাৰ মুক্তি কৰি অনুৰাগী সকলক দিলে ডাঙৰ উপহাৰ(ৰিটাৰ্ন গিফ্ট) । ছবি খনৰ ট্ৰেইলাৰ মুকলিৰ বাবে তেওঁৰ অনুৰাগী সকলে বহু দিনৰ পৰাই আঙুলি মূৰত সময় গননা কৰি আছে । সেয়ে আজিৰ এই বিশেষ তথা অভিনেতা গৰাকীৰ জন্মদিনৰ দিনাই মুক্তি হোৱা ট্ৰেইলাৰটিয়ে তেওঁৰ অনুৰাগী সকলক অধিক উৎসাহিত কৰি তুলিছে । ছবি খনৰ টিচাৰটো ইতিমধ্যে ৬মাহ পূৰ্বে ঈদৰ সময়ত মুক্তি পাইছিল ।

ছবি খনৰ ট্ৰেইলাৰটিৰ বাবে নিৰ্মাতা-নিৰ্দেশক সকলে প্ৰথমৰ পৰাই তেওঁৰ অৰ্থাৎ শ্বাহৰুখ খানৰ জন্মদিনৰ পৰাই মুক্তি দিয়াৰ কথা পৰিকল্পনা কৰি ৰাখিছিল । ছবি খনৰ ট্ৰেইলাৰ মুকলিৰ সময়লৈ কিছু সময় বাকী থাকোতে 'জিৰ'ৰ প্ৰযোজক আনন্দ এল ৰায়ে আৰু এখন পোষ্টাৰ মুকলি কৰিলে । পোষ্টাৰ খন মুকলি কৰি প্ৰযোজক আনন্দে এটি সুন্দৰ বাক্যৰে শ্বাহৰুখ খানক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে ।

https://twitter.com/aanandlrai/status/1058204471963066368?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1058204471963066368&ref_url=https%3A%2F%2Fwww.bollywoodlife.com%2Fhi%2Fnews-gossip%2Fahead-of-zero-trailer-launch-anand-l-rai-wishes-shah-rukh-khan-on-his-53rd-birthday-here-is-the-new-poster%2F

নিৰ্দেশক আনন্দ এল ৰায়ে লিখা সুন্দৰ বাক্যশাৰী হৈছে,"Duaaon ki agar shakl hoti to uske gaalon pe bhi kya aise hi dimple padte? ?uss hasi ke naam jiski hasi se laakhon ke chehron pe hasi aajaati hai! Janamdin mubarak Khan Saab @iamsrk ? । টুইটাৰ যোগেদি প্ৰকাশ কৰা এই সুন্দৰ বাক্যশাৰীৰ জড়িয়তে আশা কৰিব পাৰি ছবি খনে অধিক সফলতা অৰ্জন কৰিব পাৰিব ।

ছবি খনত শ্বাহৰুখ খানৰ লগতে বিপৰীতে অভিনয় কৰিছে কেটৰিনা আৰু অনুষ্কাই । অনুষ্কা আৰু কেটৰিনাৰ সৈতে থকা দুখনকৈ পোষ্টাৰ ইতিমধ্যো প্ৰকাশ পাইছে ।

শেষত অভিনেতা জনলৈ থাকিল জন্মদিনৰ অশেষ শুভকামনা ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com