টাইমুৰ আলী খানৰ সন্দৰ্ভত কি ক’লে শৰ্মিলা ঠাকুৰে ?

টাইমুৰ আলী খানৰ সন্দৰ্ভত কি ক’লে শৰ্মিলা ঠাকুৰে ?

এতিয়াৰ যুগটো ছ’চিয়েল মিডিয়াৰ যুগ ৷ গতিকে আমি ইয়াক উপেক্ষা কৰিব নোৱাৰো ৷ এই মন্তব্য ভাৰতীয় ছবিৰ প্ৰসিদ্ধ অভিনেত্ৰী তথা টাইমূৰ আলী খানৰ আইতাক শৰ্মিলা ঠাকুৰৰ ৷ টাইমুৰ আলী খানৰ জনপ্ৰিয়তাৰ কথা কোৱা নিশ্চয় প্ৰয়োজন নাই ৷ কাৰণ ছ’চিয়েল মিডিয়াত জড়িত থকা সকলে নিশ্চয় টাইমূৰ আলিৰ এটা প্ৰতিচ্চবি চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই থাকে।

টাইমুৰ আলি খানে সদায় বাতৰিৰ শিৰোনামা দখল কৰি থাকে ৷ সম্প্ৰতি ভাৰতীয় ছবি ষ্টাৰ কিডসকলৰ ভিতৰত টাইমুৰৰ জনপ্ৰিয়তা শীৰ্ষত ৷ টাইমুৰ যেতিয়াই নিজৰ বাসগৃহৰ পৰা উলাই তেতিয়াই সংবাদ মাধ্যমে আগুৰি ধৰে ৷ এনে সময়তে এটি অনুষ্ঠানত ভাগ ল’বলৈ গৈ টাইমুৰৰ আইতাক শৰ্মিলা ঠাকুৰে টেইমুৰৰ প্ৰসংগত সংবাদ মাধ্যমৰ সন্মুখত কয় যে মোৰ অনুভৱ হৈছে যে আমি সংবাদ মাধ্যমৰ লগতে থাকিব লাগিব ৷ কাৰণ এইটো সংবাদ মাধ্যমৰ যুগ ৷

মোৰ অনুভৱ যে আমি এই টেণ্ডক অতিক্ৰম কৰি যাব নোৱাৰো ৷ তাতকৈ আমি ইয়াৰ লগত একেলগে আগবাঢ়ি যাওঁ ৷ লগতে টেইমুৰক লৈ সংবাদ মাধ্যমে কৰা প্ৰতিক্ৰিয়া সন্দৰ্ভত শৰ্মিলা ঠাকুৰে কয় যে সংবাদ মাধ্যমৰ এই প্ৰতিক্ৰিয়া ঠিক নহয় ৷ কাৰণ টেইমুৰ বহুত সৰু হৈ আছে ৷ মই বহুত পুৰণি বিচৰধাৰাৰ লোক। গতিকে মোৰ অনুভৱ যে শিশু সকলক কেতিয়াও এই পৰিস্থিতি সমূহৰ বিষয়ে অৱগত বা চিনাকী কৰাই দিব লাগে ৷ তথাপিও সংবাদ মাধ্যমে টেইমুৰক লৈ উৎসুকতা প্ৰকাশ কৰি থাকে ৷

এই ক্ষেত্ৰত মই সাৰা পৰা শিকোঁ যে যিসমূহ বস্তক আমি পৰাজয় কৰিব নোৱাৰোঁ ৷ সেইসমূহ বস্তৰ লগত আমি একেলগে আগবাঢ়িবলৈ যত্ন কৰিব লাগে ৷ ইফালে চোটে নবাব টেইমুৰ আলি খানৰ কাৰণে ট্ৰ’লৰ সন্মুখীন হয় কৰীনা কাপুৰ খান ৷ছ’চিয়েল মিডিয়াত এজন লোকে কৰীনাক ট্ৰ’ল কৰি কয় যে টেইমুৰক চাই অনুভৱ হৈছে যে কৰীনা কাপুৰে টেইমুৰক ভালকৈ নুখুৱাই ৷ গতিকে কৰীনা এগৰাকী ভাল মা নহয়। কিন্তু ইয়াৰ পিছতে কৰীনা কাপুৰেও ভালকৈয়ে উত্তৰ দিয়ে লোকজনৰ মন্তব্যত ৷ কৰীনা কয় টেইমুৰ ভোকত থকা নাই ৷ আজিকালি অলপ বেছিকৈ খাইছে টাইমুৰে৷গতিকে মোৰ অনুভৱ টাইমুৰ আগতকৈ শকতহে হৈছে ৷

উল্লেখ্য যে, ২০১৬ চনৰ ২০ ডিচেম্বৰত জন্ম হৈছিল টাইমূৰ আলী খানৰ ৷ চৈইফ আলী খান আৰু মাতৃ কৰীনা কাপুৰ খানৰ একমাত্ৰ সন্তান টাইমূৰ ৷ উল্লেখ্য যে, চৈইফ আলি খানৰ প্ৰথমা পত্নী অমৃতা সিঙৰ দুটি সন্তান ৷ সাৰা আলী খান আৰু ইব্ৰাহীম ৷ সাৰা আলী খানে ইতিমধ্যে বলীউডত খোজ পেলাইছে কেডাৰনাথৰ জৰিয়তে ৷ মুক্তিৰ অপেক্ষাত থকা আন এখন ছবি হৈছে “চিম্বা” ৷ ইফালে, চেইফ আলী খানে ২০১২ চনত অভিনেত্ৰী কৰিনা কাপুৰ খানৰ লগত বিবাহ পাশত আৱদ্ধ হয়। ২০১৬ চনত টাইমূৰ আলিখানৰ জন্ম হয় ৷ ষ্টাৰড’ম লৈয়ে যেন জন্ম হৈছে টাইমূৰ ৷ বলীউডৰ সকলো ষ্টাৰক পিছ পেলাই টাইমূৰ যেন পৰিণত হ’ল ছুপাৰষ্টাৰলৈ ৷ টাইমূৰ প্ৰত্যেকটো মুহুৰ্ত ক্লিক হয় কেমেৰাত ৷ এক কথা ক’বলৈ গ’লে টাইমূৰ যেন এক Sensation ৷ দেশৰ প্ৰায় সংখ্যক জনসাধাৰণৰ চিনাকী টাইমূৰ ৷ টাইমূৰ য’তেই যায়, পিছে পিছে যায় ছ’চিয়েল মিডিয়া ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com