তামিলনাডুৰ দুখন গাঁৱ য'ত পালন কৰা নহয় দিপাৱলী,কিন্তু কিয়???

তামিলনাডুৰ দুখন গাঁৱ য'ত পালন কৰা নহয় দিপাৱলী,কিন্তু কিয়???

আমাৰ সমাজত এষাৰ কথা আছে যে ১২টা মাহত ১৩টা পূজা,সেয়ে আমাৰ দেশ খনৰ উৎসৱৰ দেশ বুলি ক'ব পাৰি । দশেৰা,ৰঙৰ উৎসৱ ফাকুৱা,পোহৰৰ উৎসৱ দিপাৱলী এই উৎসৱৰ বাবে সকলোৱে অতি অধীৰ বাবে অপেক্ষা কৰি থাকে,তাতে যদি পোহৰৰ উৎসৱ দিপাৱলীৰ কথা কবই নালাগে,সৰু ল'ৰা-ছোৱালী, ডেকা পৰা বয়োজ্যষ্ঠ সকলোৰে বাবে এই উৎসৱ অতি প্ৰিয় যিহেতু এই উৎসৱে মানুহৰ জীৱন আন্ধাৰৰ পৰা পোহৰ কৰি তুলে ।

যিসময়ত দিপাৱলী অহাৰ সময়ত আমাৰ সমাজ খনে,দেশ খনে,মাুহে ফটকা,আতচবাজীৰ শব্দ,মিঠাই আদিৰে অতি ধুমধামেৰে এই উৎসৱৰ আয়োজন কৰে,ঠিক বিপৰীত দিশে তামিলনাডুস্থিত এখন গাঁৱত দিপাৱলীৰ সময়ত আন্ধাৰ হয় থাকে । সেই ঠাইত নে কোনো উৎসৱ পালন কৰা হয় নে কোনো ফটকাৰ শব্দ পোৱা যায় । দিপাৱলীৰ সময়ত এই অঞ্চলত আন দিন সমূহৰ দৰে সাধাৰন হৈয়ে থাকে । কিন্তু ইয়াৰ কাৰন সমাজৰ অন্য লোক সকলৰ বাবে নাইবা অন্য অঞ্চলৰ বাবে প্ৰেৰনাদায়ক ।

যিসময়ত সমগ্ৰ দেশে দিপাৱলী পালন কৰে সেই সময়তে তামিলনাডুৰ শিৱগংগা জিলাএস মামপট্টী আৰু কুলকুডিপট্টী গাঁৱত সাধাৰন দিনৰ দৰে আৰম্ভ কৰে ।ইয়াৰ মুলতে হৈছে,কুলকুডিপট্টীৰ ওচৰত থকা বেত্তনগুড়ী বৰ্ড চেঞ্চুৰীৰ পশু-পক্ষী সকলৰ কোনো ধৰনৰ ক্ষতিসাধন নহ'বলৈ ফটকা তথা আতচবাজীৰ ব্যৱহাৰ নকৰে । এই গাঁৱ খনৰ লোক সকলে পক্ষীক অত্যন্ত মৰম কৰে আৰু তেওঁলোকৰ মাজৰ সদস্য হিচাপে গন্য কৰে আৰু তেওঁলোকে জানে যে ফটকাৰ শব্দত পক্ষী বোৰে অসুবিধাৰ সম্মুখীন হয় । সেয়ে এই গাঁৱৰ লোক সকলে যোৱা কেইবা দশক ধৰি দিপাৱলীত ফটকা ফুটোৱা বন্ধ কৰি ৰাখিছে ।

জিলা খনৰ কাৰ্যৰত বন অধিকাৰী চম্পথলাল গুপ্তাৰ পৰা জানিব পোৱা মতে,অক্টোবৰ আৰু মাৰ্চ মাহৰ মাজৰ সময়ছোৱাত হৰ্ন,ডাৰ্টচ,স্পুনবিলচ,এচিয়ান অপেন বিল ষ্ট্ৰক,লিটল কৰমবেণ্ট আদি ভিন্ন দেশী-বিদেশী চৰাই আহে ।

আনহাতে,মামপট্টী গাঁৱত দিপাৱলী পালন নকৰাৰ কাৰন বেলেগ,যিটো কাৰব পঢ়িলে আপুনিও আচৰিত হ'ব। বহু বছৰ পূৰ্বে এই গাঁৱ খনত অন্য গাঁৱ সমূহৰ দৰে দিপাৱলী পালন কৰা হৈছিল ।কিন্তু এনেকুৱা এক সময় আহিল যে,দিপাৱলী পালন কৰিবলৈ গাঁৱৰ লোকে মহাজন সকলৰ পৰা টকা ধাৰলৈ লব লগা হ'ল । সেই ধাৰলে লোৱা টকাৰ সুত সাধিব নোৱাৰা হোৱাতে তেওঁলোকৰ সুখৰ বাট নেদেখা হ'ল । বাঢ়ি অহা সুতৰ বোজাই গাঁৱবাসীয়ে কুলদেৱী মন্দিৰৰ সন্মুখত দিৱালী পালন নকৰো বুকি পন অৰ্থাৎ শপত ললে আৰু সেই পন লোৱা দিন ধৰি আজিলৈ সেই অঞ্চলত দিপাৱলী পালন কৰা নহয় ।জানিব পোৱা মতে,১৯৫৮ চনৰ পৰা গাঁৱ খনত দিৱালী পালন কৰা নহয় ।

হয়তো এই কথা শুনিবলৈ আচৰিত লাগিলেও ই এক সত্য ঘটনা ।আৰু বৰ্তমান এই ঠাই দুখনত দিৱালী পালন নকৰাটো এক পৰম্পৰাত সাঙোৰ খাই পৰিছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com