ত্ৰিবেকা ফিল্ম ফেষ্টিভেলত অসমীয়া ছবি "আমিষ" ৰ বিশ্ব প্ৰিমিয়াৰ

ত্ৰিবেকা ফিল্ম ফেষ্টিভেলত অসমীয়া ছবি "আমিষ" ৰ বিশ্ব প্ৰিমিয়াৰ

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমীয়া ছবিৰ বিশ্ব প্ৰিমিয়াৰ । নিউয়ৰ্কত অনুষ্ঠিত হব লগা ত্ৰিবেকা ফিল্ম ফেষ্টিভেলত ভাস্কৰ হাজৰিকাৰ অসমীয়া ছবি " আমিষ" প্ৰদৰ্শিত হব। ভাৰতৰ ছবি পৰিচালক অনুৰাগ কাশ্যপে নিজৰ টুইটাৰ একাউণ্টতৰ জৰিয়তে নিউয়ৰ্কত থকা লোকসকলক ভাস্কৰ হাজৰিকাৰ অসমীয়া ছবি "আমিষ" উপভোগ কৰিবলৈ আহ্বান জনাইছে ।

২৪ এপ্ৰিলৰ পৰা ৫ মেলৈকে অনুষ্ঠিত হব লগা ত্ৰিবেকা ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হব লগা অসমীয়া ছবি "আমিষ" ৰ কাহিনী আৰু পৰিচালনা ভাস্কৰ হাজৰিকা ৰ ।

"আমিষ " ভাস্কৰ হাজৰিকাৰ দ্বিতীয় খন ছবি । হাজৰিকাৰ প্ৰথম ছবি আছিল " কথানদী "। "কথানদী" ছবি খনে ২০১৬ চনত ৰাষ্ট্ৰীয় সন্মান শ্ৰেষ্ঠ ফিচাৰ ফিল্মৰ সন্মান লাভ কৰিছিল, ২০১৫ চনত জিঅ মামি ফিল্ম ফেষ্টিভেলৰ লগতে ২০১৬ চনৰ গটেবৰ্গ ফিল্ম ফেষ্টিভেলত আৰু ২০১৬ চনৰ আই এফ এফ এল এ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল ।

"আমিষ" ছবি খন দুগৰাকী লোকৰ ওপৰত আধাৰিত । তেওঁলোকৰ মাজত প্ৰেম হয় যদিও নিজৰ মাজত থকা বহুতো দায়বদ্ধতায়ে ধ্বংসৰ দিশলৈ গতি কৰোৱা পৰিলক্ষিত হয় ।

ছবিখনৰ চৰিত্ৰত নিৰ্মালি এগৰাকী শিশুৰোগ বিশেষজ্ঞ । তেওঁৰ বয়স ৩০ বছৰ । এটা শান্তি পুৰ্ন জীৱন অতিবাহিত কৰিছে যদিও সুখী নোহোৱা এটা পৰিয়ালৰ কাহিনী । গুৱাহাটীত বসবাস কৰা পৰিয়ালটো নিৰ্মালিৰ স্বামী এজন জেষ্ঠ চিকিৎসক, কামৰ খাতিৰত বিভিন্ন ঠাই ঘূৰিব লগা হয়।সেয়েহে পত্নীক পুত্ৰক চোৱাচিতা কৰিবৰ বাবে ঘৰত অকলশৰে এৰি থৈ যায় ।

ছবি খনৰ চিনেমাটোগ্ৰাফী কৰিছে ৰিজু দাসে আৰু সংগীত পৰিচালনা কৰিছে কুৱান বেয়ে । স্বোৱেতা ৰায় চামলিঙে সম্পাদনাৰ কাম কৰিছে ছবিখনত ।"আমিষ " ছবি খনৰ প্ৰযোজনা কৰিছে পুনম গোৱেল আৰু শ্যাম বৰায়ে ।সহ-প্ৰযোজক অংশোলিকা দুবেই আৰু প্ৰিয়ংকা আগৰৱালায়ে ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com